হেৰুৱা বাট বিছাৰি








আকাশলৈ চাই চাই
গণি গণি খোজ দিলো
সময়ৰ অনুভূতি পাহৰি
পাৰ হৈ আহিলো
জীৱনটোকে পিছলৈ পেলাই
অন্তহীন সময়ৰ পম খেদি
পিছলৈ চাই চাই
কিয় আজি আকৌ বিছাৰো
এৰি থৈ অহা হেৰুৱা সময়
চকু পানীৰ টোপালবোৰ
বতাহত মিলি যায় 
ধূলিৰ লগ লাগি ধূলিৰ জোৱাৰ হৈ
কি এই জীৱন
দুখৰ দুৱাৰ খোলি
মাথো এন্ধাৰতে খেপিয়াই ফুৰো
জীৱন হেৰুৱা বাট