বুকুত আকৌ জাগিব








প্ৰতীক্ষা-বিহ্বল প্ৰতিটো প্ৰহৰত
বাৰে বাৰে উজুটি খায়
অনুভৱৰ তৰংগবোৰে

বৈ আহে বুকুত 
আবেগ অভিমান 

ঘনে ঘনে চকু যায় 
দুবৰিয়ে ঢকা বাটলৈ

বননিৰ আৰে আৰে
ওৰণীৰে মুখ ঢাকি ওলাব
আশাৰ সূৰুয

থমকি ৰব অনুভৱৰ খহনীয়া  
আতৰাই নিব 
মনৰ এন্ধাৰৰ ছাঁয়া

কুলিৰ মাতত সুৰহৈ 
বুকুত আকৌ জাগিব
মন মতলীয়া হোৱা বহাগৰ বাসনা