বহাগত লুইতৰ গান









হৃদয়ত বাজি থাকে
অবুজ ভাষাত বৈ যোৱা
লুইতৰ গান

উচপিচ বতাহত পানীত
ফুটি উঠা ঢৌৰ সুৰভিত
তন্ময়তাৰ চকু যায় দূৰ দূৰণিলৈ

ডাৱৰৰ আৰে আৰে সূৰুযে
আঙুলী মেলি উজাই আনে 
এটি চমতকাৰ অনুভৱ

বিৰিণা আৰে আৰে 
লুইতৰ পকনীয়াবোৰ দেখিলে
বুকুত জোৱাৰ উঠে

বুকুৰ মাজত এটি অনুভৱে
সুৰ এটি হৈ বিচাৰি ফুৰে 
বহাগৰ চঞ্চল পৰশ