সন্ধিয়াৰ নিঃশব্দ আৱেদন








নিৰ্জনতাৰ আৰে আৰে
বতাহত ভাহিছে দৰদী মূৰ্চ্ছনা
সুৰত কঁপিছে সন্ধিয়া

অস্থিৰতাৰ কঁপনিত
উন্মুক্ত বতাহত চৌদিশে ভাহে  
আনমনা সুৰ এটি

নিৰ্জনতাৰ চুকে কোণে
দিগন্তত খেলা কৰা শব্দবোৰে 
বুকুত জোৱাৰ তুলে

প্ৰাণোচ্ছল ভাৱ এটি
টঙালী বান্ধি জাগি উঠে
নিঃশব্দ মিশ্রিত সুৰত

মনৰ দুৱাৰডলিত ভূমুকি মৰা
অনুভূতিবোৰ বগুৱাবাই ফুৰে
বুকুয়েদি গানৰ কলি হৈ

নিৰৱচিন্ন এই মিঠা আৱেদনৰ প্ৰবাহত
মন উটি ভাহি যায়
সন্ধিয়াৰ উৎসৱৰ মাদকতাত