বুকুৰ আশাবোৰে নিৰ্জনতাত
অস্থিৰতাৰ কঁপনি তুলি
নিঃশব্দে মনত ভূমুকি মাৰে
অশান্ত মনত বসন্তৰ বা বোলাই
বুকুৰ ঢপ ঢপনিৰ সতে
আগবাঢ়ে প্রতিটো ক্ষণ
উন্মুক্ত হৈ পৰা কিছু আশাই
নিছিগা মায়াৰ জালত পৰি
নি:শব্দে বুকুত শিখাটি জ্বলাই
লুইতত আকৌ সাঁতোৰাৰ হেঁপাহত
কলিজাই বিচাৰি ফুৰে
গীতৰ ৰাগিণী
ছন্দত বন্দী মনে
কি ভাবি
লংঘন কৰিব খোজে নিয়ম
দূৰণিত বজা বাঁহীটিৰ
সুৰৰ লহৰত
মন ভাহে হেজাৰ শাখাত
বহাগৰ সাথৰভৰা মায়াত পৰি
উৰি যায় মন
লুইতৰ পাৰে পাৰে
কমোৱা তুলাৰ দৰে
বিয়াকুল মন উৰি ফুৰে
পাহাৰে ভৈয়ামে
বান্ধ খোলা মনত
ভাৱৰ উদুলি মুদুলিত
জিলিকে এটি আশাৰ হাঁহি