পাহৰণিৰ সিপাৰে









এন্ধাৰ নিশা মনৰ আশাবোৰ বন্ধ হ’ব খুজে প্রকাশ বিহীন হৈ 
ৰৈ ৰৈ বুকু গুমৰি জাগি উঠি উচুপে
পাহৰণিৰ সিপাৰে নীৰৱ অতীত
হিয়াত জ্বলে ভাঙি যোৱা সপোনবোৰ
বহু আশা ৰাতিতে মৰহি যায় 
লুইতৰ পাৰে পাৰে জোনাক ৰাতি 
জাগি উঠা স্ম্মৃতিবোৰ হতাশাত ধল হৈ বাগৰে
পাহাৰে ভৈয়ামে ভাহি যোৱা ঢোল পেঁপা গগনাৰ মাতত
মন ৰিঙা ৰিঙা লাগে
মনৰ অপূৰ্ণ বাসনাবোৰ ৰূপালী জোনে পোহৰালে 
সপোন সপোন যেন লাগে