ৰহস্যময় বিস্মৃতিত পৰি







সৰা পাতৰ কোলাহলে
মৌনতাৰ স্তব্ধতা ভাঙি
এটা চাঞ্চল্যৰ মৃদু স্পন্দন সৃষ্টি কৰি 
ঢালি দিয়ে সন্ধিয়াৰ শেষ পোহৰত
জিলমিল সপোনৰ সুৰ

গছবোৰৰ আৰে আৰে
পশ্চিমৰ আকাশত কঁপনি উঠে

অদূৰৰ ছিগা-ভগা ডাৱৰত
মাৰ যোৱা সূৰুযে 
সিঁচি দিয়ে ৰং দিগন্ত জুৰি

জনহীন প্ৰান্তৰত 
আন্ধাৰৰ আঁচলত ধৰি
মনৰ কল্পনাবোৰ মিলি যায়
অন্তৰত আনন্দৰ ঢৌ তুলি

গোপন বাস্তৱৰ
খেলি খেলি ভাৱবোৰে
মন আগুৰি ধৰে
হাঁহি হাঁহি পাৰ ভাঙি

ৰহস্যময় বিস্মৃতিত পৰি
ৰং ঢলা আকাশৰ এনে  মুহূৰ্ত্তবোৰত
জুই শিখা জ্বলি উঠে
মমতা বিগলিত হৃদয়ত