গোপনে বহাগে উজাই বুৰালে



ৰুণুক জুণুক সৰা পাতৰ
সুৰৰ মূৰ্চ্চনা শুনি 
হৃদয়ে হাঁহিলে অনুভূতিক সাৱটি

গোপনে বহাগে উজাই বুৰালে
নেদেখা এনাজৰীৰে
বুকুত শিহৰণ তুলিলে

সেমেকা ডাৱৰে 
হিয়াৰ উমেৰে 
পাহাৰ শিখৰক সাৱটে

শাৰদী জোনাকে
বোৱালে নিজৰা 
দিখৌৰে বুকুতে যাঁচিলে চুমা

মিঠা পৰশত ভাঙে পৰিধি 
মুক্ত আকাশত 
নিনাদিত হয় সপোন

সুৰ-সিক্ত কলিজাত 
সৰি পৰে মৌনতা
দিখৌ উঠা খলকনি শুনি

মিলনৰে আশা  বুকুত লৈ
মন উৰে  কমোৱা হৈ
বান্ধোনৰ ভেটা ভাঙি

অসীমৰে সীমাই 
ৰিঙিয়াই মাতিলে
আকুল হৃদয়ে পায় সঁহাৰি  

হেঙুলীয়া বোল সানি 
মন আকাশত ভাঙি আহে
মৰম বিচাৰি সুখৰ হাঁহিটি