সোঁৱৰণীৰ উজ্জ্বল হেঁপাহ

নীলাভ ৰঙীণ সপোনৰ আশাৰ চঞ্চল মন
হৃদয়ত কবিতাৰ মিঠা '
সোঁৱৰণীৰ উজ্জ্বল হেঁপাহ আকাশ চুব খোজা মন
কুৱলীৰ মাজত মধুময় ৰূপহী সেউজী সপোনৰ কোমল মলয়া
হঠাৎ বজ্ৰ নিনাদৰ হুংকাৰ আকাশ ভাগি পৰিল বুকুৰ ওপৰত 
হালধীয়া পাতৰ দৰে সৰি পৰিলো মই
ৰাঙলী ফাকুৰ অৰণ্য কতনো হেৰাল
বসন্তৰ বতাহত নাই কুলিৰ সোৱদী মাত
জীৱনে কি গঢ্ ললে সৰি পৰা পাতৰ দৰে
বতাহত উৰি উৰি
ঠিকনা বিহীন ভাৱে চিটিকি ফুৰিছো মই
কুৱলীৰ মায়াৱী ৰূপ হৈ পৰিল ৰহস্যময়
এটি -জন্ম নে অভিশাপ
প্ৰেতাত্মাৰ দৰে অশৰীৰী ৰূপ
নিৰূদ্দেশ মোৰ শৰীৰৰ ছায়া
আন্ধাৰৰ ছায়াত কুচিমুচি
মোৰ নিজৰ কফিনত গজাল মাৰি
নিঠৰ মই অদৃশ্য |

দুৰ্বল মনৰ খেলি মেলি

ফাগুণৰ ৰঙীন  পূৱতী নিশা
শেৱালীৰ সুবাসত আশা
জীৱনৰ মৰহি যোৱা গান

এন্ধাৰৰ আৰে আৰে 
হিয়াত বাজে 
এটি ছন্দময় সুৰ

অন্তৰত লাগে ফাগুণৰ বোল
হিয়াৰ উমি উমি জ্বলা জুই
নীল আকাশত উপঙি ফুৰে

থমকি থমকি ৰোৱা প্রতিধ্বনিত
এখনি বেদনা গধুৰ বুকু

উগুল ঠুগুল মনৰ 
হেজাৰ প্রশ্ন আজি মনত জাগে
অন্তহীন কুৱলীৰ আৰলৈ

টোপ টোপ সৰি পৰা
নিয়ৰৰ টোপালবোৰে
কঁপাই মন দুচকু উপচাই

পূৱতীৰ শেৱালীৰ সুবাসে
ৰিঙিয়াই মাতে
উজাগৰি ৰাতিৰ ভাগৰুৱা মনত
অচিনাকি যেন লাগে

এটি অমিশ্রিত সংলাপ
মৰহা পাপৰি যেন
পৰি থাকে শেৱালীৰ
শুভ্র চাদৰৰ  তলত

শব্দৰ অভিমান

শব্দৰ উজ্বলতা স্তিমিত অভিধানত
সাহিত্যৰ পৰশত প্রাণ পায় কিতাপত
কবিতা গল্প নথোবা গীতৰ সুৰত
যুক্তি তৰ্ক নহলে মেল মিটিঙত
একেই শব্দৰ সানমিহলিত 
সৃষ্টি হয় মহাকাব্যৰ ভাস্কৰ্য্য
সেয়ে অভিমান 
অভিধানত বন্দী শব্দৰ
উচুপি থাকে নিৰৱে
আন্ধাৰ চুকত
বিছাৰে এটি মৰমী 
কলমৰ পৰশ 



জ্বীৱনৰ অশ্বাৰোহী অভিযান












মোৰ তেজৰ স্পন্দনত
জীয়াই থকাৰ সপোন

অস্পষ্ট আন্ধাৰৰ আৰে আৰে
স্বপ্নাতুৰ কুৱলীৰে  ধকা 
পূৱতী নিশা

স্নিগ্ধতা সনা জোনাকৰ পৰশ
ৰং আৰু তুলিকাৰে গঠা

কল্পনাৰ মায়াজালে
এটি সপোনৰ মধুৰ ছন্দ
সিঁচি যায় অন্তৰত

ফাগুনৰ মতলীয়া ৰঙত
মোৰ আত্মাত অহৰহ ধ্বনিত
ছন্দময় জুই শিখাৰ 

জীয়াই থকাৰ
উৰ্দ্ধগামী মনৰ
এটি মধুৰ স্বপ্ন

নিৰলা সন্ধিয়াৰ 
চিকোণ বুকুত
মেঘালীৰ ধেমেলীয়া ঢৌ

যৌৱনৰ ৰাংঢালি প্রানত
 ৰং আৰু প্রেমৰ জোৱাৰ

গীত আৰু এটি সুৰৰ লহৰত
জ্বীৱনৰ গতি হয় 
অশ্বাৰোহী অভিযান 

স্মৃতিৰ আন্দোলিত গতি


মোৰ স্বপ্ন বিদ্ধ মন
সৰ্পীল সীমাৰেখা মন সাগৰৰ
মনৰ লুকা ভাকু
অন্তৰত জোৱাৰৰ ঢৌ
দুৰনিৰ ওৰনিৰ আৰে আৰে
সূৰ্য্যৰ জ্যোতি কিৰণ
জীয়াই থকাৰ মধুৰ স্বপ্ন
উত্তপ্ত তেজত প্রেমৰ প্লাৱন
দুৰ দুৰনিৰ প্রতিধ্বনি
লুইতৰ বুকুয়েদি বৈ আহিছে
মনত শিহৰণ তোলা আবেগ
সিঁচি গুছি যায় আপোন ভাৱত
পোৱাৰ পোহৰে ৰিঙিয়াই কৈ যায়
ডাৱৰৰ সীমা সৰকি পোহৰ নামিব
ধৰণীত নতুন জীৱন জ্বলিব
এটা সপোনৰ মকৰাজালত
স্মৃতিৰ আন্দোলিত গতি
পোৱাৰ শেৱালীৰ নিশাৰ ৰাগিনী ।।

মই যেন হালি পৰিছো

বিষণ্ণতাৰ ঢৌবোৰে কি জানো বিচাৰি পাই
মোতেই যেন উবুৰি খাই পৰিছে
সপোনৰ বাগিচাখন থানবান কৰি
অজস্র ধাৰাৰে গলি গলি
পৰিব ধৰিছে দুখবোৰ
ধূলিৰে পোতযোৱা দৈনন্দিন 
জীৱনৰ খলা বমা 
কাইটীয়া পথবোৰত খোজাকাঢ়ি 
মই যেন হালি পৰিছো
তাতে আকৌ আপদীয়া
বতাহ জাকে 
মোক বিবৰ্ন কৰি পেলাইছে

জীৱনৰ দৈৰ্ঘ্য মাথো দুটি দিগন্ত

সৰ্বশৰীৰৰত বিষ
মনত চলিছে অশান্তি
ক্ষ্যত বিক্ষ্যত আঘাতেৰে জৰ্জৰীত
তীব্র তাৰণা লগতে অকথ্য যন্ত্রনা
জীৱন যাত্ৰাৰ পথ নহয় মসৃণ
খলা বমা তীব্র ধাৰ থকা শিলেৰে গঢ়া
খোজে প্রতি উজুটি খাই
হাত ভৰি বিবৰ্ণ 
তেজেৰে লুটুৰী পুটুৰী শৰীৰ
ৰঙা শোণিতৰ সুঁত বৈ আহিছে ধাৰাষাৰে
লোণীয়া ঘামে কটা অংশত 
তুলিছে তীব্র পোৰণি
আৰ্তনাদ কৰি কৰি ভাগৰুৱা দেহা
শৰীৰৰ শেষ শক্তিকনো যেন নিঃশেষ
মসৃণতাৰ প্রলোভন 
নাইবা সুখৰ সপোনেওঁ
নোৱাৰে এতিয়া জগাই তুলিব
মনত আশাৰ চাকি
ধিমিক ধামাক পোহৰত
জ্বলি আছে যুগ যুগ ধৰি
এনেদৰেই হয়তো গুচি যাব
আৰু বহুতো সময়
সময়ৰ জোখ লম কেনেকৈ 
এটাইতো জীৱন
দূৰত্বৰ দৈৰ্ঘ্য মাথো দুটি দিগন্ত
যাৰ নাম জন্ম আৰু মৃ্ত্যু





কাঁইটীয়া মোৰ জীৱনৰ বাট

অতীতৰ স্মৃতি মই
হৃদয়ত জ্বলে সকৰুণ তান
শূণ্যত বিয়পি পৰে
গুজৰি গুমৰি উঠা
জীৱনৰ সুৰহীন গান
বুকুৰ তেজেৰে অন্তৰত আকো
কায়াহীন শীতল বাসনা
প্রেমৰ মধুৰ সপোন
এক অলিক কল্পনা
অনাদৰ অবহেলা
মোৰ জীৱনৰ লগৰীয়া
সোঁতত উটি বুৰি
বৈ যায় পাহৰণিৰ নৈ
নিষ্ঠুৰ বিধিৰ লিখন
কাঁইটীয়া মোৰ জীৱনৰ বাট
গভীৰ বেদনা
আৰু আকুল হৃদয়
কাল পছোৱাই
দিলেহি চাকিটি নুমাই  ।।

পলাশৰ ৰং

পলাশৰ ৰং যদি
হ’ল হেতেন জীৱনৰ ৰং
কোনে সানিলে সেউজী ধৰাত
এটি প্রিয় ৰং

মৰমৰ বান্ধোনৰ ৰং
কিজানি পলাশৰেই ৰং

তুমিওঁ নেজানা মইওঁ নেজানো
ভাল পোৱাৰ  ৰং কেনেকোৱা
তথাপি পলাশৰ ৰঙে
কিয় জানো বিয়পায় অজানিতে
প্রেমৰ প্লাবন

তুমি জানো দেখা নাই এই ৰং
বিয়পি আছে সেউজী বননীত  ।।




এটি জটিল ৰ'ক মিউজিকৰ কঠিনতা

কেতিয়াবা মনৰ 
খেলিমেলি ভাৱবোৰে বৰ আমনি কৰে
ভাববোৰৰ পৰা মুক্তি পাবলৈ
ওলাই আহো ৰাজপথলৈ
ক্ষন্তকতে আহি পৰে
এক নতুন ব্যস্ততা
যান্ত্রিকতাৰে ভৰা পথত
সাৱধানে খোজ দি
নিজকে বচাই ৰখাটো লাগে
এক সামৰিক নিপুনতা
কোনে কেতিয়া মহতিয়াই নিব
প্রয়োজন মাথো 
এটি মূহুৰ্তৰ অন্যমনস্কতা
চিৎকাৰ কোলাহল
এক অদ্ভুত সংমিশ্রণ
এটি জটিল ৰ'ক মিউজিকৰ কঠিনতা




সূৰুয ভাগৰি গ'ল

পূৱে সূৰুযে মাৰিলে উকি
কোমল মিঠা ৰঙৰ প্রথম ৰেঙনি
এয়া আৰম্ভনি এটি নতুন দিনৰ
কৰ্মময় জীৱন
জটিলটাই পাক ল'লে ধিৰে ধিৰে
নানা মেৰ পাকৰ তীব্র গতি
সময় কেনি যায়
ব্যস্ততাৰ কোলাহল
এক অদ্ভূত সংমিশ্রন
এটি নিশাৰ সঞ্চিত শক্তি
সূৰুয ভাগৰি গ'ল
মন্থৰ হ'ল জটিলটাৰ পাকঘূৰণী
আৰু এটি দিনৰ সামৰণি

জীৱনৰ এটি নতুন ৰং

সিদিনা তেওঁ মোক দেখুৱাইছিল
জীৱনৰ এটি নতুন ৰং
শুনাইছিল মাটি আৰু বতাহৰ নতুন গীত
কৈছিল দুকমুকালিতে ওলাবা তুমি
শুনাম তোমাক প্রকৃতিৰ প্রভাতি গীত
তেওঁ কোৱাৰদৰে ওঁলালো মই
তেওঁ দেখুৱা পথেৰে বাট ললো মই
অনুভৱ এটি নতুন উপলব্ধিৰ
মাটি আৰু বতাহৰ সংমিশ্রিত গুন্ধ
হিয়া উজাৰি নিয়া এটি অনুভূতি
এটা অতি চিনাকি সুৰ
বতাহে বতাহে বৈ যোৱা এটি গীত

লুইত বাগৰে যুগ যুগ ধৰি


কৰ্ম মানৱ ধৰ্ম
কৰ্মহীন জীৱন অৰ্থ বিহীন
আদিম বন্যতাত গঢ়ি উঠা সভ্যতা
তাতে লুকাই আছে
শ্রমজীৱি মানৱৰ স্পৃহা সপোনৰ
লুইত বাগৰে যুগ যুগ ধৰি
গঢ়ি যায় ইতিহাস ক্ষণে ক্ষণে

এখন হৃদয়ৰ ছবি

গীতৰ কৰুণ আৱেদন
এক অকৃত্রিম অনুভূতি প্রাণৰ
বিশ্বাস কোমলতাৰ
নিমজ মধুৰ আকৰ্ষন
পাৰিজাত ফুলৰ সুগন্ধৰে ভৰা
ব্যক্তিগত অনুভূতি প্রাণৰ
বৈ যায় শিহঁৰণ শৰীৰত
এই আকোলতাৰ মায়াত
সুৰ সঞ্চাৰৰ কি বিচিত্র নিয়ম
বেদনা আৰু উৎকণ্ঠাৰ প্রকাশ
গীতৰ ফাকে ফাকে
জ্বিলিকি উঠে
এখন হৃদয়ৰ ছবি
এই সুৰৰ স্নিগ্ধ আকৰ্ষণত
হিয়া ভেদি যায়
কৰুণা মিশ্রিত
সুৰৰ বোৱতী নৈত
গলিব ধৰে শীলৰ বুকু 

চিঞৰি উঠিল প্রাণ


দেখা নাই একো
সকলো ধুৱলী কুৱীলী
বতাহৰ শীতল পৰশ
কঁপি উঠিছে শৰীৰ
অকলসৰীয়া এই নিজান ৰাতি
নিস্পলক দৃষ্টিৰে চাই আছো মাথো
হু-হু কৰি বতাহ বলিছে
গছ পাতবোৰ যেন শিয়ঁৰি উঠিছে
অস্থিৰ মনটোৰ কজলা বৰণ
মনৰ দূৰ্বলতাক আৱৰি অবিশ্বাসী মন
দূৰ্বাৰ হেপাহৰ আত্মিক সত্বা
লাহে লাহে
হৈ পৰিছে যেন এটি প্রেতাত্মা
স্বাৰ্থপৰ মনৰ তীব্র শক্তিক
জগাই তোলাৰ সময় সমাগত
ভয়ৰ উৎস বিছাৰি
মনে ঢাপলি মেলিছে
যেনি তেনি
দুঃসহ নিঃসংগতাৰ খেল
চিঞঁৰি উঠিল প্রাণ
মগজুৰ কোনোবাখিনিত থকা
সঞ্চিত শেষ শক্তিৰে

সাগৰৰ পানী আকাশৰ দৰে নীলা


দুখীয়াৰ ঘৰলৈ আহিবা তুমি
চাপৰি চাপৰি  মই তুলিম দুবৰি
সূৰূযে টঙালী বান্ধি পূৱত দেখা দিব
চিনি নেপাওঁ মই দেখা নাই কেতিয়াওঁ
গীত গাও মই শুনোতা কোনো নাই
সময়ৰ লগে লগে চলি আছে জীৱন
বনে বনে ঘূৰি ফুৰো অকলসৰে
বাঁহী বজাওঁ সুখত পকা ধানৰ পথাৰত
সাগৰৰ ঢৌ দেখা নাই কেতিয়াওঁ
শুনিছো সাগৰৰ পানী হয় হেনো
নীল আকাশৰ দৰে নীলা

অনিত্য এই জীৱন


সময় গতিশীল
অনিত্য এই জীৱন
মায়া মাথো ক্ষণিকৰ
মায়াজালত সৃষ্টি কৰে
মানৱে চক্রবেহু
অথাই সাগৰ
সাতুৰি পাৰ হোৱাৰ
চলিছে তীব্র প্রতিযোগিতা

জীৱনৰ শেষ বসন্ত

সমগ্র শৰীৰত অসজ্য উত্তাপ
স্ফীত বুকুত কলিজাৰ ঢপঢপণি
বাজিছে ডবাৰ কোবত
অজ্ঞানে উপঙি  আহে
নিঃসাৰ সন্ধিয়া
অনুভৱৰ গাজণি ধুমুহাৰ
কল্পনাৰ ছবিত অসম্পূৰ্ণ ছবি
বগাই ফুৰে বুকুত
গলিত লাভাৰ সুঁত
নিঃশব্দ জুৰিটিত উত্তপ্ত পানী
অনুভৱবোৰৰ কোবাল ঢৌত
নামি আহে
এটি সুঁত উত্তপ্ত তেজৰ
মোৰ অতি প্ৰিয় ৰঙৰ
বাজি উঠে
বৰতাল শংখ ডবা
অনুভৱ কৰো নিমিষতে
জীৱনৰ শেষ বসন্ত
অজান দিশত
উৰি যায় প্রাণবায়ু
নিঃসংগতাৰ ডেউকা কোবাই ।।

অতীতৰ নিশব্দ সামৰনি

বিশ্বজনীন আনন্দৰ কল্পদৃষ্টিয়ে
মহাজাগতিক শক্তিৰ পৰিধি নামানে
স্বতঃস্ফূর্ত অনুভূতিৰ প্ৰকাশে
দীপ্তিৰ ঊজ্জ্বলতা আনে
মহাজাগতিক শক্তিৰ নীলিম আভাই
অন্তৰাত্মাত আলোৰন তুলে
আত্মতৃপ্তিৰ এক প্রচণ্ড প্ৰবাহে
ভিন্নতাৰ পৰিধি ভাঙে
লালসাৰ নিঃশব্দ আবেদনৰ
মহাশূন্যত অন্তিম প্ৰজ্জ্বলন ঘটে
মহাশূন্যৰ নীলিম আভাই
অন্তৰাত্মাত চৈতন্য শক্তি
উদ্গীৰিত দীপ্তিৰ জ্যোতিৰে
জীৱন সৃষ্টিৰ ধাৰনা সলনি কৰে
উদগিৰিত আভাৰ প্রভাৱত
অতীতৰ নিশব্দ সামৰনি পৰে

অগ্নি যোগৰ বিপ্লবী আমি


আজিৰ সমাজৰ মুক্তি প্রয়াসি আমি
অগ্নি যোগৰ সৃষ্টি কৰিম
উভতাই অনাৰ প্রয়াস
সৰ্বহাৰৰ সৰ্বচ্চ
মুক্তি যোজৰ ৰণূৱা আমি
অস্ত্র হব মাথোন
এটি সমদল হেজাৰ জনৰ
প্রতিবাদ জনতাৰ
ভুক্তভোগী হেজাৰজনৰ লক্ষ
নতুন এখন সমাজ গঢ়াৰ
নতুন সমাজৰ সৃষ্টিকাৰীৰ
বিপ্লবৰ এটি প্রদক্ষেপ
ভেদাভেদৰ প্রাচীৰ ভাঙি
সৃষ্টি কৰিম নতুন সমাজ
অগ্নি যোগৰ বিপ্লবী আমি
নতুন সমাজ দৃষ্টিৰ লক্ষ্য
সৰ্বহাৰাৰ সৰ্বচ্চ
উভটাই অনাৰ লক্ষ্য আমাৰ
আমাৰ অস্ত্র প্রতিবাদ নিৰৱ কণ্ঠৰ
নাথাকিব কোনো ধৰ্ম নতুবা
কোনো জাতিৰ প্রভেদ
ভেদা ভেদৰ ব্যৱধান এৰি
আগুয়াই যাম আমি
অগ্নি যোগৰ সহযাত্রী আমি
লক্ষ্য আমাৰ স্থিৰ
সৰ্বহাৰৰ সৰ্বচ্চ
উভতাই আনিম  ।।

এটি শীতল অনূভূতিৰ পৰশ

মোক আবৰি ধৰা শীতলতা
মনটো খেলি মেলি কৰি থৈ গল
মাৰ যোৱা বেলিটোৰ জিলিকনিৰ পোহৰ
দুধুৰ মোধোৰ অবস্থাত
আগবঢ়াই দিলো মোৰ ভৰিৰ খোজ
দিগন্তৰ সিপাৰ ৰাঙলী বেলিটিলৈ চাই
ঠাই ডোখৰতে মই আবদ্ধ হৈ ৰলো
বেলিটো  দিগন্তত হেৰাই গ
মোহিত হৈ নিঠৰ হৈ ৰলো
চাৰিও কাষ আন্ধাৰে আৱৰি ধৰিলে
লাহে লাহে মোৰ মনটো ভৰি পৰিল
এক শীতল হাতৰ স্পৰ্শ
লাহেকৈ বহি পৰিলো মাটি
আহত জোপাৰ আৰৰ পৰা
ভাঁহি আহিল এটা সুৰ
মোৰ অন্তৰ
এক আনন্দৰ ঢৌ খেলি গ’ল
ভাঁহি আহিল মনলৈ
এক জিলিকিনিৰ পোহৰ
লাহে লাহে সেই শীতল
অনূভূতিৰ ভাৱ এটি গীত হৈ
বতাহত উপঙি ফুৰি
মনৰ শূণ্যতা খিনি আতৰাই
লুকাই পৰিল আন্ধাৰৰ আৰত ।।

পিপাসাৰ শ্বাসৰোধী আহ্বান

দপদপকৈ জ্বলি উঠা
পিপাসাৰ শ্বাসৰোধী আহ্বান

অন্ধকাৰত জ্বলে
লালসাৰ জুইৰ শিখা
মোৰ সমস্ত সত্বাত
এটি মাথো গুঞ্জণ
বিয়পি পৰে
হৃদয়ৰ চুকে কুণে
নিৰ্লজ্জ্ব অনুভূতিৰ
দুৱাৰ দুফাল কৰি
মনত সৃষ্টি বিজুলীৰ

উত্তপ্ত শৰীৰৰ তেজত
চলিছে হিংস্র উৎসৱ
মনৰ সংকীৰ্ণতাৰ
সীমা চেৰাই উদগ্র বাসনাৰ
কোবাল গতি

বতাহত ভাঢ়ি গ'ল
শংখ নিনাদৰ তীব্র ৰাগ
মোৰ বিবেকৰ
বজ্র ধ্বনি
আকবাক শৰীৰত
মোৰ তেজৰ সুঁত
অন্তৰীক্ষৰ মাজত জ্বলে
বিস্তৰ মতভেদ
মোৰ সত্বাৰ মোৰ অস্তিত্বৰ
বিবেকী ব্যক্তিত্বৰ
নিৰ্লজ্জ্ব অনুভূতিৰ
লালসাৰ জুই

বুকুৰ উদং পথাৰত

তৃষ্ণাতুৰ তুমি
আবেগত নিজৰি নিজৰি পৰে
বাস্তবৰ প্রতিটো খোজত
বুকুৰ উদং পথাৰত
এটি সপোন সেউজীয়া সোণালীৰ
তুমি যদি মেঘ হোৱা
তোমাৰ হাঁহিত বৰষা নামিব
মাটিৰ সেউজীয়া ৰূপ
আকৌ জিলিকি উঠিব
দুখক আশ্রয় নিদি
মোৰ ফুলনিত গঢ়ি উঠিব
সেউজীয়া ৰূপৰ হাঁহি
মোৰ মুক্ত কণ্ঠত
জাগি  উঠিব
আকাক্ষাৰ ৰক্ত গোলাপ
হিয়াত সেউজ বোলাই
নিজৰি নিজৰি পৰিব
তোমাৰ সাণ্নিধ্যৰ জোনাকৰ চাদৰ  ।।

এটি উষ্ণ আমেজ

ৰামধেনুৰ সাত বৰণীয়া
ৰঙৰ মেলা
চিফুং বাঁহীৰ সুৰত

এটি মিলনৰ প্রেম গীত
ভাঁহি আহিছিল বতাহত

কুঁৱলী ফালি দেখা দিয়ে
পূৱ দিগন্তত ৰঙা বেলিটোৰ
হেমন্তৰ মতলীয়া ৰং

এই ৰঙা ৰঙত
সোৱণশিৰিৰ
প্রাণোচ্ছল ভাৱ

ন-সূৰূযৰ মিঠা আমেজ
জীপাল বুকুত
এটি উষ্ণ আমেজ

শব্দহীন নিঠৰ নদীৰ পাৰ

চিপচিপ বৰষুনৰ বোৱতি সুঁতি
এৰি দিলা কাগজৰ নাওঁ
এটি যাত্রা অনিচ্ছিত ভবিষ্যত
ঢৌৰ সোঁতত কাগজৰ সামৰ্থ্য কিমান
লাহে লাহে শিথিল হৈ
মিলি যাব দূৰ্বাৰ ঢৌৰ সুঁতত
মাথো থাকি যাব
এটি স্মৃতি নীৰৱ পাৰত
ব্যথাত খুন্দিয়াই যোৱা পথত
শব্দহীন নিঠৰ নদীৰ পাৰ
স্মৃতিত মূৰ্তহীন হেজাৰ মূহূ্ৰ্তৰ
জীৱন্ত সাক্ষী
চলি আহিছে জীৱনৰ
এটি সুঁত  নিজৰাৰ
এটি অপূৰ্ণ স্মৃতি
পানী যোৱলীৰ

সোঁৱৰণীৰ এটি মৃদু পৰশ

ৰূপালী জোনাকত উৰুঙা লগা মনত অতীতৰ সোঁৱৰণী
উগুল থুগুল মনত পুৰণি বিৰহৰ দুখ
নি:শব্দ সুৰৰ ধ্বনিত হৃদয়খেলি যোৱা ঢৌ
সদ্যস্নাতা সুন্দৰীৰ সেওঁতাত শীতল পানীৰ সোঁ
ঢৌৰ উত্তাল তৰঙ্গ  হাঁহিৰ স্পৰ্শ
বুকুৰ সন্মিলিত সপোনত চঞ্চল মন হেপাহ চমক
স্নিগ্ধ ৰূপ  তৰঙ্গত সুৰৰ তান 
মূৰ্ত্ত এটি প্ৰেম ৰস
সোঁৱৰণীৰ মৃদু পৰশত কোমলতা ৰূপালী জোনাকৰ

এয়েইনে প্ৰেম ভাল পোৱাৰ

গীতৰ সুৰৰ লহৰে লহৰে
মোৰ সত্বা গ'লি গৈ
তোমাতেই বিলীন হ’ল
পাৰা পাৰহীন সুখৰ সপোনত
মনত পৰে বাৰে বাৰে তোমালৈ
হৃদয় মৰূভূমিত গঢ়ি উঠিল
এটি আনন্দৰ স্মৃতি
এয়েইনে প্ৰেম
এক আকৰ্ষণ হৃদয়ৰ
আৰু এবুকু মৰম
দুটি ঢৌ গীত গায়
খিলখিলাই হাঁহি
সোঁতৰ লহৰে লহৰে
নৃত্য কৰে
সময়ৰ গতি হেৰাই যায়
এটি নতুন প্ৰভাত
আৰু
এটি নতুন আশা
তেজত বিয়পি পৰা
ভালপোৱাৰ সুবাস
চিৰদিনৰ বাবে

বিহুৱান

বিহুৱান
হেঁপাহৰ বিহুৱান
হেঁপাহৰ আঁচুৰে বোৱা
ফুলাম সপোনৰ মোৰ বিহুৱান
বিহুৱান চেনেহৰ
সপোনৰ কাঠিৰে বছা
বিহুৰে বিহুৱান তোমালৈ
যায় বতাহত ভাহি

সেউজীয়া পথাৰৰ প্ৰাণ


মাটিৰ উবৰ্ৰতাত প্ৰতিখন হাতৰ পৰশত
বিস্তৃত ভাস্কয্যৰ্ৰ নিৰ্মাণ
নৈ:শব্দত প্ৰগাঢ় সুৰৰ ধ্বনি
তোমালোকৰ বন্ধ মুখৰ সংলাপ
শাওনৰ মেঘ মুক্ত নীলাকাশ
সূৰ্য্যস্নাত বিশাল পথাৰত বিপুলসম্ভাৰ
নাঙলৰ সিৰলুত সোণফলা মাটিৰ কামনা
ঘৰ্মাক্ত দেহৰ সৃষ্টি
সেউজীয়া পৃথিৱী আমাৰ
মোহময় জীৱন-মালিকা
মানুহৰ সংগ্ৰামৰ ইতিহাস
কৃষকৰ সাধনাৰ ফল
ক্লান্ত, শ্ৰান্ত সন্ধিয়াত
সোঁতৰ চেৱে চেৱে বাঢ়ে আৰু হাঁহে
প্রাণ স্পৰ্শৰ উত্তাল তৰঙ্গ
বুকুৰ সেউজীয়া সপোন
বিচিত্ৰ সন্মিলিত কৃষকৰ সমস্বৰ কন্ঠ
যুগৰ অভিযাত্ৰী শ্ৰমিক কৃষক
সেউজীয়া পথাৰৰ প্ৰাণ

প্ৰেম-মদিৰাত মন চঞ্চল

হাতৰ মৃদু পৰশেৰে
পাতৰ ওৰণি গুচাই
হাঁহি মাৰিলি চাই
লগালি চমক বিলাস-কুঞ্জত

প্ৰেম-মদিৰাত মন চঞ্চল
সপোনত বিভোৰ তোমাৰ পৰশত
ভাহি ফুৰে ৰূপ-তৰঙ্গত

প্রাণৰ স্নিগ্ধ সুৰে
স্বৰ্গৰ নন্দন সাজি
প্ৰেমৰ ৰূপ ৰসত মুগ্ধ

প্ৰেমৰ বিমল ধাৰাই
সুন্দৰীৰ নিমজ গালত
ফুটাই তুলিলে প্ৰেমৰ
এটি মূৰ্ত্ত বৰ্তমান

মনৰ সোঁৱৰণী

শীতল জোনাকৰ মৃদু পৰশত
অন্তৰ মোৰ উগুল থুগুল,
মনত পৰে পুৰণি বিৰহৰ ব্যথা
মনৰ সোঁৱৰণীত
জাগে অতীতৰ মধুৰ সুৰ
বাহিৰত ৰূপালী জোনাক
মন উৰুঙা উৰুঙা লাগে

এক অপূৰ্ব মায়াৱি সপোন

বৈছে বিষাদৰ নৈ
সেউজীয়া পাতবোৰ
সৰি পৰিছে হালধীয়া বৰণ লৈ
বিষাদ সৰা পাতৰ
নিঃশব্দে গলি নিঠৰ হৈ পৰিছে
ঘোৰ অন্ধকাৰত অমাৱষ্যাৰ
তৰা  বিচাৰিছো যেন
সন্ধান এটি আশাৰ চাকি
চিনাকি মাদকতা সনা গোন্ধ
একুৰা জুই জ্বলি জ্বলি উঠিছে
এক অপূৰ্ব মায়াৱি সপোনে
মোক আবৰি ধৰিছে
দৃষ্টিএক সন্মোহনি মায়া
আৱদ্ধ হৈ ৰলো  
ইতিহাসৰ স্মৃতি হৈ
অবিৰত যাত্ৰা
সহযাত্রি এমুঠী পোহৰ
চকুত বহুতো আশা
পৰি আছে জীৱন
বুকুত হাজাৰ লক্ষ্য
যাত্ৰাবিজুলীৰ চমকনি
অনভিজ্ঞ মনত ঢৌ খেলে
বিজুলীৰ চমকনিত
চমকিত নৃত্য
যৌৱনৰ পোৱাবেলাত
মন উৰা মাৰে পখিলীৰদৰে
মনৰ মাজত খেলি মেলি
গতিৰ দিশ বিছাৰি

নীলা নীলা তোমাৰ চকুৰ সপোনবোৰ

নীলা নীলা সপোনবোৰে
মনত দেওঁ দি নাচে
ভাবোতে ভাবোতে
কৈ দিয়া হৈ নুঠে
তোমাৰ দুচকুৰ ভাৱত
কি জানো যাদু
সানি দিলা মোৰ মনত
কম বুলি ভাবোতে
কথাবোৰ ভাৱ হৈয়ে থাকে
তোমাৰ দুচকু
মায়াৰ যাদুকৰি
জ্বিলিকনি হৈ
মন মোৰ উগুল ঠুগুল কৰে
সৃষ্টি এটি কোলাহ’ল প্রেমৰ
কৈ দিম বুলি ভাৱি থাকোতে
কথাবোৰ ভাৱ হৈয়ে থাকে
নীলা নীলা তোমাৰ চকুৰ
সপোনবোৰে মোৰ হৃদয়ত নাচে 

শান্তিৰ এক অপূৰ্ব্ব ধাৰা

মহাসাগৰ অনাগত ভৱিষ্যতৰ                                                
যাত্ৰা কৰি যাওঁ ধ্বংসৰ মাজেদি
সৃষ্টিৰ ৰূপ হৃদয়ত লৈ    
দৃষ্টিত নতুন ভাষা  আৰু নতুন আশা
ৰিণিকি ৰিণিকি শুণো এক অপূৰ্ব্ব সঙ্গীত
মোৰ সত্বাত জগাই তোলে
শান্তিৰ এক অপূৰ্ব্ব ধাৰা
ভক্তিত  বুকু মুক্তি প্ৰয়াসী
পূজাৰ  অৰ্ঘ্যৰ  উপহাৰ
আকাশে আকাশে বৈ যায়
পোহৰৰ ধল এটি নবীন সূৰ্য্যৰ
মনৰ মাজেদি বৈ যায়
এক চিৰ শান্তিৰ আমেজ