জীৱনৰ দৈৰ্ঘ্য মাথো দুটি দিগন্ত

সৰ্বশৰীৰৰত বিষ
মনত চলিছে অশান্তি
ক্ষ্যত বিক্ষ্যত আঘাতেৰে জৰ্জৰীত
তীব্র তাৰণা লগতে অকথ্য যন্ত্রনা
জীৱন যাত্ৰাৰ পথ নহয় মসৃণ
খলা বমা তীব্র ধাৰ থকা শিলেৰে গঢ়া
খোজে প্রতি উজুটি খাই
হাত ভৰি বিবৰ্ণ 
তেজেৰে লুটুৰী পুটুৰী শৰীৰ
ৰঙা শোণিতৰ সুঁত বৈ আহিছে ধাৰাষাৰে
লোণীয়া ঘামে কটা অংশত 
তুলিছে তীব্র পোৰণি
আৰ্তনাদ কৰি কৰি ভাগৰুৱা দেহা
শৰীৰৰ শেষ শক্তিকনো যেন নিঃশেষ
মসৃণতাৰ প্রলোভন 
নাইবা সুখৰ সপোনেওঁ
নোৱাৰে এতিয়া জগাই তুলিব
মনত আশাৰ চাকি
ধিমিক ধামাক পোহৰত
জ্বলি আছে যুগ যুগ ধৰি
এনেদৰেই হয়তো গুচি যাব
আৰু বহুতো সময়
সময়ৰ জোখ লম কেনেকৈ 
এটাইতো জীৱন
দূৰত্বৰ দৈৰ্ঘ্য মাথো দুটি দিগন্ত
যাৰ নাম জন্ম আৰু মৃ্ত্যু