এখন হৃদয়ৰ ছবি

গীতৰ কৰুণ আৱেদন
এক অকৃত্রিম অনুভূতি প্রাণৰ
বিশ্বাস কোমলতাৰ
নিমজ মধুৰ আকৰ্ষন
পাৰিজাত ফুলৰ সুগন্ধৰে ভৰা
ব্যক্তিগত অনুভূতি প্রাণৰ
বৈ যায় শিহঁৰণ শৰীৰত
এই আকোলতাৰ মায়াত
সুৰ সঞ্চাৰৰ কি বিচিত্র নিয়ম
বেদনা আৰু উৎকণ্ঠাৰ প্রকাশ
গীতৰ ফাকে ফাকে
জ্বিলিকি উঠে
এখন হৃদয়ৰ ছবি
এই সুৰৰ স্নিগ্ধ আকৰ্ষণত
হিয়া ভেদি যায়
কৰুণা মিশ্রিত
সুৰৰ বোৱতী নৈত
গলিব ধৰে শীলৰ বুকু