জীৱনৰ শেষ বসন্ত

সমগ্র শৰীৰত অসজ্য উত্তাপ
স্ফীত বুকুত কলিজাৰ ঢপঢপণি
বাজিছে ডবাৰ কোবত
অজ্ঞানে উপঙি  আহে
নিঃসাৰ সন্ধিয়া
অনুভৱৰ গাজণি ধুমুহাৰ
কল্পনাৰ ছবিত অসম্পূৰ্ণ ছবি
বগাই ফুৰে বুকুত
গলিত লাভাৰ সুঁত
নিঃশব্দ জুৰিটিত উত্তপ্ত পানী
অনুভৱবোৰৰ কোবাল ঢৌত
নামি আহে
এটি সুঁত উত্তপ্ত তেজৰ
মোৰ অতি প্ৰিয় ৰঙৰ
বাজি উঠে
বৰতাল শংখ ডবা
অনুভৱ কৰো নিমিষতে
জীৱনৰ শেষ বসন্ত
অজান দিশত
উৰি যায় প্রাণবায়ু
নিঃসংগতাৰ ডেউকা কোবাই ।।