ৰূপালী জোনাকত উৰুঙা লগা মনত অতীতৰ সোঁৱৰণী
উগুল থুগুল মনত পুৰণি বিৰহৰ দুখ
নি:শব্দ সুৰৰ ধ্বনিত হৃদয়ত খেলি যোৱা ঢৌ
সদ্যস্নাতা সুন্দৰীৰ সেওঁতাত শীতল পানীৰ সোঁত
ঢৌৰ উত্তাল তৰঙ্গত হাঁহিৰ স্পৰ্শ
বুকুৰ সন্মিলিত সপোনত চঞ্চল মনৰ হেপাহৰ চমক
স্নিগ্ধ ৰূপ তৰঙ্গত সুৰৰ তান
মূৰ্ত্ত এটি প্ৰেম ৰসৰ
সোঁৱৰণীৰ মৃদু পৰশত কোমলতা ৰূপালী জোনাকৰ
সোঁৱৰণীৰ মৃদু পৰশত কোমলতা ৰূপালী জোনাকৰ