দেখা নাই একো
সকলো ধুৱলী কুৱীলী
বতাহৰ শীতল পৰশ
কঁপি উঠিছে শৰীৰ
অকলসৰীয়া এই নিজান ৰাতি
নিস্পলক দৃষ্টিৰে চাই আছো
মাথো
হু-হু কৰি বতাহ বলিছে
গছ পাতবোৰ যেন শিয়ঁৰি উঠিছে
অস্থিৰ মনটোৰ কজলা বৰণ
মনৰ দূৰ্বলতাক আৱৰি অবিশ্বাসী
মন
দূৰ্বাৰ হেপাহৰ আত্মিক
সত্বা
লাহে লাহে
হৈ পৰিছে যেন এটি প্রেতাত্মা
স্বাৰ্থপৰ মনৰ তীব্র শক্তিক
জগাই তোলাৰ সময় সমাগত
ভয়ৰ উৎস বিছাৰি
মনে ঢাপলি মেলিছে
যেনি তেনি
দুঃসহ নিঃসংগতাৰ খেল
চিঞঁৰি উঠিল প্রাণ
মগজুৰ কোনোবাখিনিত থকা
সঞ্চিত শেষ শক্তিৰে