সোঁৱৰণীৰ উজ্জ্বল হেঁপাহ

নীলাভ ৰঙীণ সপোনৰ আশাৰ চঞ্চল মন
হৃদয়ত কবিতাৰ মিঠা '
সোঁৱৰণীৰ উজ্জ্বল হেঁপাহ আকাশ চুব খোজা মন
কুৱলীৰ মাজত মধুময় ৰূপহী সেউজী সপোনৰ কোমল মলয়া
হঠাৎ বজ্ৰ নিনাদৰ হুংকাৰ আকাশ ভাগি পৰিল বুকুৰ ওপৰত 
হালধীয়া পাতৰ দৰে সৰি পৰিলো মই
ৰাঙলী ফাকুৰ অৰণ্য কতনো হেৰাল
বসন্তৰ বতাহত নাই কুলিৰ সোৱদী মাত
জীৱনে কি গঢ্ ললে সৰি পৰা পাতৰ দৰে
বতাহত উৰি উৰি
ঠিকনা বিহীন ভাৱে চিটিকি ফুৰিছো মই
কুৱলীৰ মায়াৱী ৰূপ হৈ পৰিল ৰহস্যময়
এটি -জন্ম নে অভিশাপ
প্ৰেতাত্মাৰ দৰে অশৰীৰী ৰূপ
নিৰূদ্দেশ মোৰ শৰীৰৰ ছায়া
আন্ধাৰৰ ছায়াত কুচিমুচি
মোৰ নিজৰ কফিনত গজাল মাৰি
নিঠৰ মই অদৃশ্য |