স্মৃতিৰ আন্দোলিত গতি


মোৰ স্বপ্ন বিদ্ধ মন
সৰ্পীল সীমাৰেখা মন সাগৰৰ
মনৰ লুকা ভাকু
অন্তৰত জোৱাৰৰ ঢৌ
দুৰনিৰ ওৰনিৰ আৰে আৰে
সূৰ্য্যৰ জ্যোতি কিৰণ
জীয়াই থকাৰ মধুৰ স্বপ্ন
উত্তপ্ত তেজত প্রেমৰ প্লাৱন
দুৰ দুৰনিৰ প্রতিধ্বনি
লুইতৰ বুকুয়েদি বৈ আহিছে
মনত শিহৰণ তোলা আবেগ
সিঁচি গুছি যায় আপোন ভাৱত
পোৱাৰ পোহৰে ৰিঙিয়াই কৈ যায়
ডাৱৰৰ সীমা সৰকি পোহৰ নামিব
ধৰণীত নতুন জীৱন জ্বলিব
এটা সপোনৰ মকৰাজালত
স্মৃতিৰ আন্দোলিত গতি
পোৱাৰ শেৱালীৰ নিশাৰ ৰাগিনী ।।