জ্বীৱনৰ অশ্বাৰোহী অভিযান












মোৰ তেজৰ স্পন্দনত
জীয়াই থকাৰ সপোন

অস্পষ্ট আন্ধাৰৰ আৰে আৰে
স্বপ্নাতুৰ কুৱলীৰে  ধকা 
পূৱতী নিশা

স্নিগ্ধতা সনা জোনাকৰ পৰশ
ৰং আৰু তুলিকাৰে গঠা

কল্পনাৰ মায়াজালে
এটি সপোনৰ মধুৰ ছন্দ
সিঁচি যায় অন্তৰত

ফাগুনৰ মতলীয়া ৰঙত
মোৰ আত্মাত অহৰহ ধ্বনিত
ছন্দময় জুই শিখাৰ 

জীয়াই থকাৰ
উৰ্দ্ধগামী মনৰ
এটি মধুৰ স্বপ্ন

নিৰলা সন্ধিয়াৰ 
চিকোণ বুকুত
মেঘালীৰ ধেমেলীয়া ঢৌ

যৌৱনৰ ৰাংঢালি প্রানত
 ৰং আৰু প্রেমৰ জোৱাৰ

গীত আৰু এটি সুৰৰ লহৰত
জ্বীৱনৰ গতি হয় 
অশ্বাৰোহী অভিযান