এটি জটিল ৰ'ক মিউজিকৰ কঠিনতা

কেতিয়াবা মনৰ 
খেলিমেলি ভাৱবোৰে বৰ আমনি কৰে
ভাববোৰৰ পৰা মুক্তি পাবলৈ
ওলাই আহো ৰাজপথলৈ
ক্ষন্তকতে আহি পৰে
এক নতুন ব্যস্ততা
যান্ত্রিকতাৰে ভৰা পথত
সাৱধানে খোজ দি
নিজকে বচাই ৰখাটো লাগে
এক সামৰিক নিপুনতা
কোনে কেতিয়া মহতিয়াই নিব
প্রয়োজন মাথো 
এটি মূহুৰ্তৰ অন্যমনস্কতা
চিৎকাৰ কোলাহল
এক অদ্ভুত সংমিশ্রণ
এটি জটিল ৰ'ক মিউজিকৰ কঠিনতা