জীৱনৰ এটি নতুন ৰং

সিদিনা তেওঁ মোক দেখুৱাইছিল
জীৱনৰ এটি নতুন ৰং
শুনাইছিল মাটি আৰু বতাহৰ নতুন গীত
কৈছিল দুকমুকালিতে ওলাবা তুমি
শুনাম তোমাক প্রকৃতিৰ প্রভাতি গীত
তেওঁ কোৱাৰদৰে ওঁলালো মই
তেওঁ দেখুৱা পথেৰে বাট ললো মই
অনুভৱ এটি নতুন উপলব্ধিৰ
মাটি আৰু বতাহৰ সংমিশ্রিত গুন্ধ
হিয়া উজাৰি নিয়া এটি অনুভূতি
এটা অতি চিনাকি সুৰ
বতাহে বতাহে বৈ যোৱা এটি গীত