নীলা নীলা তোমাৰ চকুৰ সপোনবোৰ

নীলা নীলা সপোনবোৰে
মনত দেওঁ দি নাচে
ভাবোতে ভাবোতে
কৈ দিয়া হৈ নুঠে
তোমাৰ দুচকুৰ ভাৱত
কি জানো যাদু
সানি দিলা মোৰ মনত
কম বুলি ভাবোতে
কথাবোৰ ভাৱ হৈয়ে থাকে
তোমাৰ দুচকু
মায়াৰ যাদুকৰি
জ্বিলিকনি হৈ
মন মোৰ উগুল ঠুগুল কৰে
সৃষ্টি এটি কোলাহ’ল প্রেমৰ
কৈ দিম বুলি ভাৱি থাকোতে
কথাবোৰ ভাৱ হৈয়ে থাকে
নীলা নীলা তোমাৰ চকুৰ
সপোনবোৰে মোৰ হৃদয়ত নাচে