মোক আবৰি ধৰা শীতলতাই
মনটো খেলি মেলি কৰি থৈ গল
মাৰ যোৱা
বেলিটোৰ জিলিকনিৰ পোহৰত
দুধুৰ মোধোৰ
অবস্থাত
আগবঢ়াই দিলো মোৰ ভৰিৰ খোজ
দিগন্তৰ সিপাৰৰ ৰাঙলী বেলিটিলৈ চাই
ঠাই ডোখৰতে মই আবদ্ধ
হৈ ৰলো
বেলিটো দিগন্তত
হেৰাই গ’ল
মোহিত হৈ নিঠৰ
হৈ ৰলো
চাৰিও কাষ আন্ধাৰে আৱৰি ধৰিলে
লাহে লাহে মোৰ মনটোত ভৰি পৰিল
এক শীতল হাতৰ স্পৰ্শ
লাহেকৈ বহি
পৰিলো মাটিত
আহত জোপাৰ আৰৰ পৰা
ভাঁহি
আহিল এটা সুৰ
মোৰ অন্তৰত
এক আনন্দৰ ঢৌ খেলি গ’ল
ভাঁহি আহিল মনলৈ
এক জিলিকিনিৰ পোহৰ
লাহে লাহে সেই শীতল
অনূভূতিৰ ভাৱ এটি গীত হৈ
বতাহত
উপঙি ফুৰি
মনৰ
শূণ্যতা খিনি আতৰাই
লুকাই পৰিল আন্ধাৰৰ আৰত ।।