দুৰ্বল মনৰ খেলি মেলি

ফাগুণৰ ৰঙীন  পূৱতী নিশা
শেৱালীৰ সুবাসত আশা
জীৱনৰ মৰহি যোৱা গান

এন্ধাৰৰ আৰে আৰে 
হিয়াত বাজে 
এটি ছন্দময় সুৰ

অন্তৰত লাগে ফাগুণৰ বোল
হিয়াৰ উমি উমি জ্বলা জুই
নীল আকাশত উপঙি ফুৰে

থমকি থমকি ৰোৱা প্রতিধ্বনিত
এখনি বেদনা গধুৰ বুকু

উগুল ঠুগুল মনৰ 
হেজাৰ প্রশ্ন আজি মনত জাগে
অন্তহীন কুৱলীৰ আৰলৈ

টোপ টোপ সৰি পৰা
নিয়ৰৰ টোপালবোৰে
কঁপাই মন দুচকু উপচাই

পূৱতীৰ শেৱালীৰ সুবাসে
ৰিঙিয়াই মাতে
উজাগৰি ৰাতিৰ ভাগৰুৱা মনত
অচিনাকি যেন লাগে

এটি অমিশ্রিত সংলাপ
মৰহা পাপৰি যেন
পৰি থাকে শেৱালীৰ
শুভ্র চাদৰৰ  তলত