বৈছে
বিষাদৰ নৈ
সেউজীয়া পাতবোৰ
সৰি
পৰিছে হালধীয়া
বৰণ লৈ
বিষাদ সৰা পাতৰ
নিঃশব্দে গলি নিঠৰ হৈ পৰিছে
ঘোৰ অন্ধকাৰত অমাৱষ্যাৰ
তৰা বিচাৰিছো যেন
সন্ধান
এটি আশাৰ চাকি
চিনাকি মাদকতা সনা
গোন্ধ
একুৰা জুই জ্বলি
জ্বলি উঠিছে
এক অপূৰ্ব মায়াৱি সপোনে
মোক আবৰি ধৰিছে
দৃষ্টিত এক সন্মোহনি মায়া
আৱদ্ধ হৈ ৰলো
ইতিহাসৰ স্মৃতি হৈ
অবিৰত
যাত্ৰা
সহযাত্রি
এমুঠী পোহৰ
চকুত
বহুতো আশা
পৰি
আছে জীৱন
বুকুত
হাজাৰ লক্ষ্য
যাত্ৰাত বিজুলীৰ চমকনি
অনভিজ্ঞ
মনত ঢৌ খেলে
বিজুলীৰ
চমকনিত
চমকিত নৃত্যত
যৌৱনৰ
পোৱাবেলাত
মন
উৰা মাৰে পখিলীৰদৰে
মনৰ
মাজত খেলি মেলি
গতিৰ
দিশ বিছাৰি