তৃষ্ণাতুৰ তুমি
আবেগত নিজৰি নিজৰি পৰে
বাস্তবৰ প্রতিটো খোজত
বুকুৰ উদং পথাৰত
এটি সপোন সেউজীয়া সোণালীৰ
তুমি যদি মেঘ হোৱা
তোমাৰ হাঁহিত বৰষা নামিব
মাটিৰ সেউজীয়া ৰূপ
আকৌ জিলিকি উঠিব
দুখক আশ্রয় নিদি
মোৰ ফুলনিত গঢ়ি উঠিব
সেউজীয়া ৰূপৰ হাঁহি
মোৰ মুক্ত কণ্ঠত
জাগি উঠিব
আকাক্ষাৰ ৰক্ত গোলাপ
হিয়াত সেউজ বোলাই
নিজৰি নিজৰি পৰিব
তোমাৰ সাণ্নিধ্যৰ জোনাকৰ চাদৰ ।।