তোমাৰ দুচকুত দেখিছো মই
নিলীম সাগৰৰ গভিৰতা আৰু আশাৰ বিশালতা
আকাশৰ নীলা জুৰি
সপোন সামৰি বিয়পি আছে শীতলতা
মন মোৰ অজানিতে
সুখ দুখৰ সীমা পাৰ হৈ দিশহাৰা হয় ক্ষনিকতে
পচোৱাৰ উতলা বতাহত
জোনাক জিলিকে তোমাৰ বুকুত মায়াৱি ৰূপ লৈ
ৰৈ আছো আজি
তোমাৰ কাষ চাপি মন জুৰাবলৈ
ভৰি যায় মন মিঠা মলয়াৰ পৰশত
আশাৰে পাল তৰা নাও এৰো
জোনাকৰ জিলিকনিত সোনালী সপোনত
দেহ মন ওপঙে ঢৌৰ লহৰত
বুকুত এসাগৰ মৰম লৈ
কাৰ বাবে আছা ৰৈ প্ৰতিদিন প্ৰতিপল
সপোন যেন লগা নীলাভ বিশালতাত
ভৰি আছে মৰম বাহু মেলি
সুৰ তুলি গুন গুনাও
হাঁহি কান্দোনৰ গীত আপোন পাহৰা হৈ
নুবুজো অবুজ মায়াৰে ভৰা
বুকু নিগৰি অহা পিয়াসি মনৰ স্পন্দন
তোমাৰ বুকুতেই বিচাৰো উন্মনা হৈ
মৰমৰ সীমাহিন পৰিসীমা
আৱেগেৰ বৰষা হৈ নামে
মনে প্ৰাণে প্ৰৱাহিত নুবুজা এই সময়