হেঁপাহৰ সপোন বিছাৰি

কোনেও নজানকৈ
নিজানে নিজানে
পাৰ হৈ যাম
পাহাৰ বগাই
হেঁপাহৰ সপোন বিছাৰি
নিঃসংগতাৰ ৰহস্যময়
এই অস্তিত্বৰ
অৱসান বিছাৰি

শীতল স্পর্শই
থিতাপি লৈছিল
উদ্বাউল মনত
মনৰ সাহস
নিজৰাৰ গুণ গুণ
অসংখ্য পখিলাৰ
সজীৱ উপত্যকা
আৰু
জোনাকৰ শুভ্রতা