এটি আনন্দৰ ৰাগ

দপদপকৈ জ্বলিছে
মোৰ শৰীৰত
এটি উদগ্র বাসনাই

সৃষ্টিৰ নৱতম চেতনাই
হৃদয়ৰ কোণে কোণে
প্রাণ পাই উঠিছিল

পোহৰৰ ধল বোৱাই
জাগিল প্রাণত
এটি নবীন সূৰ্য্য
বতাহত ভাঁহি গ'ল
জীয়াই থকাৰ অৰ্থ পায়

বিয়পি পৰে
এটি আনন্দৰ ৰাগ
মোৰ তেজৰ সোঁতত