এই অনুভূতি এক সাথঁৰ

মোৰ সমস্ত সত্তাত
এটি অস্থিৰতা
এটি অনুভূতি
চিকমিক ৰহস্যৰ

দেও দি আহে
এটি উৎকন্ঠা
সৰ্পিল তাৰ পাক

কৌতূহলী মন
অস্থিৰতাৰ ঘনিষ্ঠ উশাহ
স্নায়ুত বিজুলীৰ গতি

স্বাস ৰূদ্ধ
অকস্মাৎ শুনিলো শংখ নিনাদ
বিস্ফোৰণ ঘটিছে অন্তৰাত্মাত

থিৰ হৈ ৰওঁ চেতনা হেৰাই
খেলিমেলি মনৰ মাজত
এই অনুভূতি এক সাথঁৰ