এটি গান হওঁক

এটি গান হওঁক
মাদকতাৰ শিহৰণ
জী উঠাৰ আশা

এটি গান হওঁক
শৰীৰৰ প্ৰতিটো বিন্দুৰ
উত্তাল তৰংগৰ ঢৌ

এটি গান হওঁক
অনুভবৰ এক
নৈসৰ্গিক আনন্দ

এটি গান হওঁক
আকাশে বতাহে
উপচি পৰা
উছৱৰ মধু আলোড়ন

এটি গান হওঁক
কল্লোলিত হৃদয়ৰ
বাৰিষাৰ ঢল

এটি গান হওঁক
এটি নতুন আশাৰ
উন্মুক্ত আবেদন