নৱবৰ্ষৰ শুভেচ্ছাৰে

আশা আৰু স্মৃতি 
এটি অবিৰত ধাৰা
লক্ষস্থান হ'ল দূৰ দিগন্ত
স্মৃতিৰ জীৰণি ঘৰত ক্ষন্তেক ৰৈ 
উভতি চোৱা
গীতিকাৰৰ গীতেৰে
চিত্ৰকাৰৰ চিত্ৰৰে গথা
জীৱন নামৰ এখনি উপন্যাস
স্মৃতিৰ ভেতিৰে গঢ়ি উঠা আশাবোৰ
জীয়াই ৰখাৰ প্ৰয়াস
আজি এই নৱবৰ্ষৰ পূৱাবেলাতে
তোমাকনো কি দিম
আছে মাথো 
সোনালী ৰ'দৰ আভা

এনেকৈ জ্বলে

আবেগত ভাঙি পৰে স্তব্ধতা
বুকুত এটি মৌমাখিয়ে
নিজানে নিতালে গুণগুণাইছিল

মন আৰু মগজুত
এনেকৈ জ্বলে
শৰীৰৰ চেতনা

অনুভৱ কৰিছিলো
মনৰ কোঠালি তোলপাৰ কৰিছে
এজাক বতাহে

নিশব্দে শোভাযাত্ৰাত যোগ দিওঁ
হাতৰ শিকলি ছিঙি
বাজি উঠে ঝনঝননি

এমুঠি ধানৰ আশীৰ্বাদ

ক্ৰুৰ স্পৰ্শৰ আঘাতত
মই কান্দো
ই অবাধে আহে আৰু যায়

বাধা নাই
পাৰ ভাঙি আহে দু:সহ সন্ধিয়াত
স্বীকৃতি লাগে

এইবাৰ মাঘৰ মেজিৰ জুইকুৰা
বৰকৈ জ্বলিব
বুঢ়া লুইতৰ বালিত

অধীৰ আজি মই
তধা লাগি চাই থাকিম
বহুদিনৰ মুৰত

উৰুঙা বতাহ জাকে
জীৱনটোৰ কথাবোৰত
কঁপনি তুলিছিল

সোঁৱৰণি পদুলি
চিৰিলা চিৰিলি কৰি
বুকুত আহে প্ৰশ্নৰ জোৱাৰ

মোৰ তেজত বয়
স্বপ্নৰ যন্ত্ৰণা
এই সংশয়ৰ ৰণত

উজাগৰি ৰাতি
সপোন দেখিছোঁ মই
জীৱন প্ৰাচুৰ্যৰ

হৃদয়ৰ আৱৰণ খুলি
ভোগালিৰ জুইকুৰা জ্বলে
মনৰ স্তৰে স্তৰে

এই জুইৰ পোহৰত
মোৰ সিৰাই সিৰাই বব
এমুঠি ধানৰ আশীৰ্বাদ

সেউজীয়া সপোন

সন্ধিয়াৰ প্রতিধ্বনিত
ওফন্দি পৰিছে
আকাশী পোহৰৰ গান

ৰিণি ৰিণি শুনো
লুইতৰ বালিত
এক অপূৰ্ব্ব সঙ্গীত

নতুন দৃষ্টি
অনাগত ভৱিষ্যতৰ
যাত্ৰা নৱতম সৃষ্টিৰ

ধ্বংসৰ মাজেদি
যদিও নামিল শূন্যতা
আকাশী খলপাৰে

ধোঁৱা আৰু আন্ধাৰৰ মাজত
বুৰবুৰণি উঠি উক দিলে
বুকুত নতুন আশা

নতুন যুগৰ অভিযাত্ৰী
উদ্ভৱ হ’ল
বুকুত তপত উচ্ছাস

পৰি আছে সন্মূখত বিশাল পথাৰ
পাৰ ভাঙি নামি আহে
সৃষ্টিৰ চেতনা

বুকুৰ সেউজীয়া সপোনটো
ফেনিল উত্তাল হৈ
কাঢ়ি লৈ যায় হৃদয়ৰ বেদনা

কি বিচাৰো মই

ধীৰে ধীৰে নাৱৰীয়াবোৰ
লুইতৰ পাৰে পাৰে দিহা-দিহি গ

কলঙৰ সিপাৰে
পছিমাকাশত ডুব গল ৰঙা বেলি

নিশাৰ নিৰ্লিপ্ততা বিজড়িত শ্বাস  ধ্বনিয়ে
আমনি কৰিলেহি মোক উন্মনা কৰি

পুৰনি বছৰৰ
অনুশোচনা এটাই সুঁহুৰি মাৰিলে

এটা নতুন বাটৰ সূচনা হ
অন্তৰ আকাশত তাৰেই প্ৰতিধ্বনি

কি বিচাৰো মই
হয়তো এটি হাঁহিৰ বিজুলী

তোমাৰ কিহৰ দুখ

অমাবস্যাৰ ৰাতি আকাশলৈ চাই আছিলো
তৰা এটিয়ে চকু টিপিয়াই
কি কলে জানা
বিষাদভৰা চকুৰে তেনেকৈ মোলৈ নাচাবা
শত যোজন ধৰি মই ইয়াত অকলে আছো
আৰু শত যোজন ধৰি ইয়াতেই থাকিম
যদিও অকলশৰীয়া
মোৰ মনত কোনো দুখ নাই
তোমাৰ ইমান দুখ কিয়
তোমাৰ লগৰীয়া আছে শ-হাজাৰ
তোমাৰ জন্ম, লৰালিকাল দেখিছো মই
তেতিয়াটো তুমি দুখি নাছিলা
তোমাৰ কিহৰ দুখ
কি উত্তৰ দিম মই ভাবি নাপালো
মনৰ ভিতৰখন আউল লাগি গ'ল
মাথো আকাশলৈ চাই থাকিলো
তৰাটিয়ে মোলৈ চাই চকু টিপিয়াই থাকিল

গধূলিৰ স্বপ্নালু চহৰ

আশ্চৰ্য মই
কোনোমতে হালি জালি
লাখুটিডালত খোপনি পুতি
আহিছো এখুজি দুখুজি কৰি
ইপিনে সিপিনে চাই

গধূলিৰ স্বপ্নালু চহৰ
দীপ্ত জিলমিল সোণালী আভাৰে
গানৰ প্ৰতিধ্বনি তাত সকলোতে

বিলাতী ৰূপহীৰ ৰূপত
আৰু
ৰমক্ জমক বেশত
চকু জাল মাৰি ধৰে

সাগৰহেন ঢৌৰ খলক লগাই
কঁপাই তুলিছে চৌপাশ

হুলস্থুল হাঁহিৰ কল্লোল 
দেখো উন্নতিৰ নতুন সোঁত

টনা-টনি 
ঠেলা-ঠেলি
ইননি-বিননি
টঙনা-টঙনি
আৰু
জিল মিলাই থকা ভেমৰ ধোৱা

গধূলিৰ স্বপ্নালু চহৰ

ৰাইজৰ ধনেৰে জোলোঙা ভৰাই
কৰে হনিমুন্ এনজয়

অনিচ্ছয়তাৰ দিশত

সজীৱ উমাল
সেউজী ধৰণীৰ বুকুত
জী উঠে হেজাৰ আশা
জিলিকি উঠে সোণালী ৰশ্মিৰে

অতীত, বৰ্তমান আৰু ভবিষ্যত
চকুত ভাঁহি উঠিল লাহে লাহে

নিশ্বাসত কঁপে সৰ্বশৰীৰ
খলা-বমা পথৰ ছায়া-প্ৰচ্ছায়াত
দিশহাৰা হৈ
সোমাই গৈ আছো
অনিচ্ছয়তাৰ দিশত

সমাগত দিনবোৰৰ কথা ভাবি
সৃষ্টি হয় হৃদয়ত প্ৰহেলিকাৰ
তৰোৱালৰ চিকমিকনি আৰু
ঝংকাৰিত সংঘৰ্ষৰ বিজুলীত
সৃষ্টি হয় ত্ৰাস

কোমল কলিজা বিদাৰি
অন্ধকাৰ নিজান ৰাতি
নিঠৰ হৈ গলি গলি পৰিছে
শিহৰিত শৰীৰত
বুকুভেদি যোৱা কৰূণ সুৰ

তই যে নিচেই কেঁচুৱা

ভাবিলে লাগে
কিবা যেন নাই

নিৰ্ম্মম নগ্নতা ঢাকি
ধূলিৰ জোঁৱাৰ তুলি
সিহঁতৰ আসুৰিক বৰ্ব্বৰতাত
নিস্তব্ধ হৈ যায়
জীৱনৰ অধিকাৰ

সভ্যতাৰ অটল বিশ্বাস
সমাজৰ সংস্কাৰ
অন্তৰত বিদ্ৰোহৰ অগনি জ্বলে

কঁপনি উঠে
উকি মাৰি মাৰি

বাস্তৱৰ অন্ধকাৰ বাটৰ
বিচিত্ৰ এই সংগ্ৰামৰ অভিযান
হৈ গ'ল বৰ্ব্বৰতাৰ ইতিহাস

এটি স্পন্দন বতাহত বৈ যায়
হৃদয় ভগা শব্দই অন্তৰ খহাই
তই যে নিচেই কেঁচুৱা

এষাৰি সুৱলা মাত

এখনি সহায়ৰ হাত
কোনে দিব আগুয়াই
অধমৰ ফালে চাই
ৰসাতলে গ’ল সকলো
পৰি মৰি কাকূতি কৰো
অপমানৰে জৰ্জৰিত
আশা কৰো প্ৰভুৰ কৃপা
নিচলা আতুৰ বুলি
কৰিছো কাবৌ
সাৰথি মাথো দুখনি হাত
খন্তেক ৰৈ
মোকো  কাষত লোৱা
দি যোৱা
এষাৰি সুৱলা মাত

সংশয়ৰ অন্তহীন ঢৌ

এতিয়াও আছে বুনিয়াদী আশা
আছে শাৰী শাৰী নাহৰৰ গছ
সংশয়ৰ অন্তহীন ঢৌৱে
বালিৰ ধুমুহা উৰাই
আত্মাৰ অৰণ্য ছেদি যায়

শূন্যতাৰ তৃষ্ণাৰে আকুল মোৰ মন
চকুলোৱে ধুই নিয়ে
উৰণীয়া ডাৱৰৰ দৰে
ভাগি ভাগি উৰি অহা
মনৰ ভিতৰৰ বিষাদবোৰ

নতুন সংকল্প




হেৰুৱা দিনৰ
সোঁৱৰণিৰ পদুলি মুখত
ৰৈ আছো আশা লৈ
পুঁৱতিৰ আকাশৰ তলত
নতুন ফচল ৰুই
সৃষ্টি কৰিম সোণালী পামৰ
ধলপুৱাতেই ভৰি দিম পথাৰত
কেঁচা  মাটিৰ সুগন্ধ লৈ


দুচকুত স্বপ্নৰ উজান

সোণালী ৰূপালী ৰঙীন সৃষ্টিৰ
দুচকুত স্বপ্নৰ উজান
পৰ্ব্বতৰ টিং নেওচি উৰন্ত গতিৰে
ক্ষুৰধাৰ কামনাৰ জন্ম
জীৱনত উজ্জ্বল হীৰাৰ জিকমিকনি
প্ৰতি উশাহত এচেৰেঙা নতুন ৰ'দৰ টলমল
জুৰি পৰি ভৰি গ’ল সন্মুখৰ বিস্তীৰ্ণ পথাৰ
সেউজীয়া বননিত
অশান্ত প্ৰাণত আনন্দৰ কিৰীলি

প্ৰকৃতিৰ এই আৱাহন

মাটিত গজা বনৰ
পৰি থকা কোমল নিয়ৰত
কঁপি ওঁঠে পুৱাৰ সূৰ্য-কিৰণ
আকাশত দেখো
গহীন চলন শুকুলা ডাৱৰৰ
এখুজি দুখুজি কৰি সময় আগুৱাই
বৈ যায় এছাটি বতাহ

সেউজীয়া প্ৰকৃতিৰ এই আৱাহন
শূন্যত বিয়পি শূন্যতেই মাৰ যায়                        
যেন এটি সপোনৰ ৰেখা
প্ৰেমৰ মধুৰ ছবিৰ
এটি আকুল উদাৰ সুৰ
ভাহি যায় ঢৌ সাগৰত

নতুন কল্পনা

দিনৰ শেষত শীতল সন্ধিয়া
উন্মুক্ত বতাহে
কাণে কাণে কৈ যায়
মোহ আৰু আৱেগৰ কথা
অংকুৰিত হয় প্ৰাণত
মোৰ উৰণীয়া মানচিত্ৰ
এই বিশ্বাসেৰে
বৰ্ষাৰ সংকেত লৈ
পূবালি বতাহৰ হাত ধৰি
আজিও শেষ নোহোৱা জীৱনৰ
কৰো নতুন কল্পনা

পৰি ৰ’লো

বাৰিষাৰ ৰাতি কেঁচা টোপনিৰ ভিৰৰ মাজত মনত পৰে
ধুমুহাৰ এটি দুঃস্বপ্ন
ভাঙি-ছিঙি আহিছিল ৰাতিৰ বতাহত বৰষুণ
নতুন আশ্ৰয় লাগে 
জানিছিলো জানো ভাগৰ লাগিছে মোৰ
মাথোঁ চঁক খাওঁ
এইদৰে বুৰ গ সময়
শেষ হয় অনভিজ্ঞ জীৱন
তপত বালিত পৰি সোণ বিচাৰোঁতে
ইতিহাস জুৰি পৰি ৰলো
লাওখোলা আৰু জঁকাৰ শুকান হাড়ৰ দৰে

বিচাৰি চোৱা

বিচাৰি চোৱা ত বৈ গৈছে
অবিৰাম গতিত পোহৰৰ ঢৌ
ধুমুহাৰ উদ্মাদ আলোড়ন আৰু
শূন্যতাৰে ভৰা আন্ধাৰবোৰত
বিচাৰি চোৱা
বিশাল প্ৰান্তজোৰা দ বৰষুণ আৰু বতাহে 
সৃষ্টি কৰা আলোড়নবোৰত
নল-খাগৰিৰ ভগা-ছিগা হাবিয়নিৰ মাজত
বিচাৰি পাবা তুমি বিচৰা
প্ৰকৃতিৰ স্বচ্ছতাৰ সুৰ

খেলিমেলি শব্দবোৰ

এটা বিন্দুত আহি গোট খালে
প্ৰতিটো শব্দৰ নিজস্ব ধ্বনি
বুৰবুৰণি উঠিল আকাশত
অস্বস্তিৰ শ্বাস এৰি
হাতত কলম তুলি ললো
উদ্দেশ্য শব্দবোৰক সংগঠিত কৰি
শৃঙ্খল কৰি এৰি  দিম নিজস্ব  দিশত

শব্দবোৰৰ নিজস্বতা হয়তো নাথাকিব
সীমিত মোৰ সামৰ্থ্যৰে
তোলি ললো মোৰ আঙুলিৰ মাজত কলমটো
মনৰ মাজত আছে শব্দবোৰ
কলমেৰে বৈ যাব চিয়াঁহী
কিন্তু এই খেলিমেলি শব্দবোৰক
বোৱাম কেনেকৈ কাগজৰ বুকুত

মোৰ হিয়াৰ অৰ্থ

হিয়াৰ সৰোবৰ কিমান গভীৰ
জোখিছেনে কোনোবাই কেতিয়াবা
হয়তো নাই তাৰ সীমা
ইপিনে-সিপিনে চাওঁ
নেপাওঁ অকণো দেখা

এখুজি দুখুজি কৰি
অন্তহীন এই পথাৰত
স্মৃতিৰ জোনাকীবোৰ
গুঞ্জনহীন সৌন্দৰ্য্যত
উৰি ফুৰে জ্বলি জ্বলি

নাচোনৰ ছেৱে ছেৱে
বতাহৰ সঙ্গীতৰ প্ৰতি লহৰত
বাজি উঠে
মোৰ হিয়াৰ অৰ্থ
এটি ঢৌৰ কঁপনি তুলি
বৈ যায় বতাহত
মোক লৈ যায়
অজান দিশত

ভৱিষ্যত

কিমান সপোন সৰি গ
তাৰ জানো হিচাপ আছে
কোনে খতিয়ান ৰাখে
পলাশৰ জুই নুমাল এতিয়া
কলিজাও এতিয়া অপতৃণৰে ভৰা
মনত ওলমিছে মকৰাৰ জাল
উৰুখা পানীয়ে উটাই নিলে
বহাগৰ ধুমুহা
সপোন অন্ধ গলিত
এতিয়া পৰি থাকে ভৱিষ্যত

ৰিমজিম স্বাদৰ কুঁৱলী

কুঁৱলীয়ে বাট ভেটি ধৰিছে
একোকে নমনি
তথাপিও জানো তল পৰিছে
আকাশেদি উৰি যোৱা
জাক জাক বন-হাঁহৰ
মন কাঢ়ি নিয়া
খিল্-খিল্ হাঁহিৰ উৰুলি
পথাৰৰ কাষে কাষে দেখো
সোণ-বৰণীয়া ধানৰ
মুঠি মুঠি ডাঙৰি
শেৱালী ফুলৰ দৰে
ৰিমজিম স্বাদৰ কুঁৱলী
ধলপুৱাতেই এই চিনাকি আলিত
উৰে মন পৰিধি ভাঙি
মিলি যায় আত্মাৰ সুৰভি

আশাৰ ঢৌ

বছৰৰ শেষত বহু গুণাগথা
ৰিণি ৰিণি জিলিকি উঠে
অনাগত দিনৰ নতুন আঁচনি

জীৱন যাত্ৰাৰ পথ শিলাময়
গাঁথনিৰ ফাকে ফাকে
গুজৰি গুমৰি থাকে
সংশয়ৰ শ্বাস-ধ্বনি

তথাপিও কিয় জানো
বৈ থাকে আশাৰ ঢৌ
মনৰ পৰিধি ভাঙি

তৰঙ্গ ৰাশি

স্মৃতিৰ গছে-পাতে
শুনো জুৰিটিৰ জিৰজিৰণি
পখীজাক উৰি যায়
দূৰণিৰ দিগন্ত বিছাৰি
তাৰেই প্ৰতিধ্বনি হয় সুদূৰত
মিলি যাব খোজে অসীমত
ভাহি উঠি মিলি যায়
অচিন বাটত
মোৰ হৃদয়ৰ
এই তৰঙ্গ ৰাশি
আৱেগত উঠলি উঠে
প্ৰকৃতিৰ বুকুত

জিলমিল ৰূপৰেখা

এয়েনেকি সেই
সীমাৰ শেষত
স্থিতি আৰু ধ্বংসৰ
জিলমিল ৰূপৰেখা
উলাহত মতলীয়া
ৰিহাৰ আঁচল যেন বতাহত নাচে
লুকাভাকু খেলি খেলি
ক্ষন্তেক থমকি ৰৈ
জিলিকি উঠে
জীয়াই থকাৰ ৰঙীন কামনা
সেয়ে জানো প্ৰাণ যি
চাঁওতালী নৃত্যত
হাঁহি হাঁহি মতলীয়া হৈ পৰে

অভিযাত্ৰী

বতাহত ভাহি যায় উদ্দীপনা
তুমি হাতত ল’লা
নতুন প্ৰতিশ্ৰুতি
অনৈক্যত সত্যৰ সন্ধান
স্বপ্ন মানৱ-কল্যাণ
জীৰ্ণ বস্ত্ৰ আৰু
প্ৰেম-ভৰা অন্তৰ
ভৰ-পূৰ আবেগেৰে
পুষ্পহীন মৰুভূমিত
নতুন যুগৰ অভিযাত্ৰী

স্মৃতিৰ মৰীচিকা

কাঁহ পৰি জীন যোৱা
গহীন নিশাৰ আন্ধাৰত
কাণত বাজিল
অভিনৱ নতুন সৃষ্টিৰ
সুমধুৰ সুৰ
অৱচেতন মনৰ নাতিশীতোষ্ণ এলেকাত
হঠাতে জিলিকি উঠা
কিলবিল নৃত্য দেখি
উপচিল ছঁয়াময়া সপোনৰ
স্মৃতিৰ মৰীচিকাত
জীৱনৰ দুৰন্ত সময়ৰ
জীৱন-গীত

এটি অব্যক্ত প্ৰতিধ্বনি

বুঢ়া লুইতৰ ৰূপালী বালিত
নিজান সুৰৰ উত্তাল তৰঙ্গ
মতলীয়া আজি
নাচৰ তালে তালে
ক্ষন্তেক থমকি
উৰি গল ৰথ
কঁপিল আকাশ কঁপিল পৃথিৱী
মাথোঁ হাবাথুৰি খালো

জানিছিলো জানো
চুচুক-চামাক কৰি
খহি পৰা এটি হুমুনিয়া
এটি অব্যক্ত প্ৰতিধ্বনি
মন-দাপোণৰ

অন্তৰত বাগৰিল ঢৌ

এন্ধাৰত জিলিকে বিজুলী
এটি তন্দ্ৰাৰ আৱেশৰ
প্ৰতিধ্বনি শেষ হোৱা নাই
তুমি আজি আহিছিলা
নীৰলে পখীটিয়ে খলকনি তুলিলে
ই যেন তাৰেই বাতৰি
গুজৰি-গুমৰি
এটি হাহাকাৰৰ ধ্বনি
তোলপাৰ কৰি উঠিছিল
স্পন্দনহীন নিৰ্জ্জীৱ প্ৰাণত
উদ্দীপ্ত প্ৰাণৰ
বিচিত্ৰ কাহিনী
খহি পৰিল মাটিত
অন্তৰত বাগৰিল ঢৌ

এটি দুটি ঢৌ

শিবিৰ শিবিৰে
জোনোৱালী ৰাতি মুখত হাঁহি
আকাশৰ কোলাত উত্তাল প্ৰাণ তৰঙ্গ
মনৰ উল্লাস
চমকি উঠে মন শঙ্খধ্বনিত

মোৰ কল্পনাৰ মজিয়াত নিমাতে বাজে
বিচিত্ৰ কথাৰ আলপনা
এই জীৱনত তেনে এটা সন্ধিয়া
হয়তো নাহিব

এই বেদনাৰ ফাকে ফাকে
মোৰ কল্পনাত
জীৱনৰ সোণালী সপোনৰ
এমুঠি হাঁহিৰ সুৰভিৰ
এটি দুটি ঢৌ উৰি যায়
হেজাৰ পখিৰ দৰে

অপেক্ষা

হাতৰ মুঠিত সৃষ্টিৰ বল
চকুত সৃষ্টিৰ ঢল
স্বাধীন যুগৰ বিপ্লৱীৰ দল
সংঘাতত জলে ফিৰিঙতি
তুমি সাৰ পালা বিজুলীৰ একাবেকা ৰেখা চাই
জীৱন গাঁথনিত বুৰঞ্জীৰ পাতনি মেলিলা
কামনাৰ বিবৰ্ণ বতাহ দুচকুত বয়
মিছাৰ দুৰন্ত জুৰি তোমাৰ আয়োজন অপেক্ষা
এই মায়াৰ বজাৰত কামনাত বন্দী

শীতৰ পোৱা

কুঁৱলীৰ ওৰণিৰে আঁৰ কৰা
এই শীতৰ পোৱা
জনহীন পথত
নীৰৱ মৌনতা
মনিৰ নোৱাৰা
শুভ্ৰ ৰিহাৰ আঁৰত খোজ কাঢ়ি
তৃপ্তিত মুগ্ধ

পাত-সৰা গছবোৰৰ
গভীৰ হতাশা
দেখো মাজে মাজে
ইপিনে সিপিনে

অদূৰত জনহীন প্ৰান্তত
কুঁৱলীৰ আঁচলত
মাৰ যোৱা আন্ধাৰৰ
জিলমিল সৌন্দৰ্য্যৰ চিকুণ সপোন

বাস্তৱ ৰহস্যৰ
বিস্মৃতিত পৰি
থাকোঁ চাই
তৃপ্তিত মুগ্ধ হৈ

অনুচ্চাৰিত অনুভূতি

এইযে মনৰ অনুভৱবোৰ
সাঁচি ৰখাটো কিমান কঠিন
তোলপাৰ লগাই খণ্ড-বিখণ্ড
কৰিব খোজে মনৰ ভিতৰখন
প্ৰতিটো অনুচ্চাৰিত অনুভূতিত
জিলিকি উঠে আশা ভৰা দৃষ্টি
এই যে মায়া মনৰ ভিতৰৰ
অন্তৰ আকাশ  ভৰি আছে
কি বিচাৰে হৃদয়ে
আজি কিয় জানো
উৰণীয়া ডাৱৰৰ দৰে
বান্ধোনৰ পৰিধি ভাঙি
কল্লোলিত বিহঙ্গৰ দৰে
বাজি থাকিল অব্যক্ত সুৰত

আৰু কিনো লিখিম

মাৰ যাওঁ যাওঁ
বুকুৰ অন্তিম উচ্ছাস
জড়তাৰ আৱৰ্তত ঘূৰি
জীৱন তন্দ্রাতুৰ
নিষ্প্ৰভ হ’ল উদ্দাম বাসনা
উদঙীয়া ডাৱৰৰ দৰে
এনি তেনি ফুৰিছো

আজি বহুদিনৰ মুৰত
মনৰ খিৰিকীখন জপাই দিলো
মই যেন তলসৰা এপাহ শেৱালী
আৰু কিনো লিখিম
এইযে ভাৱৰ ঢৌ
সলনি কৰিবৰ হ`ল

বিচিত্ৰ ৰূপ-তৰঙ্গ

সন্ধিয়াৰ আকাশত
সৃষ্টিৰ  বিপুল সম্ভাৰ
ভাহি ফুৰে
স্বৰ্গৰ নন্দন সাজি
সোনালী ৰূপালী
বিচিত্ৰ ৰূপ-তৰঙ্গত
জিলিকি উঠে সহস্ৰ শিখা
এক আমোদৰ উন্মত্ততাই
জিনি লৈ যায়  মন

চাই থাকোঁ

জনহীন প্ৰান্তত
ইপিনে সিপিনে
চাঞ্চল্যৰ মৃদু স্পন্দন

চাই থাকোঁ
প্ৰেতাত্মাৰ গোপন অভিসন্ধি
আন্ধাৰৰ শূন্যতাত
সৰ্ব্বনাশী  নিশাচৰৰ
শীতল পৰশ

নিজান নিতাল জগত
ভয়ঙ্কৰ বেশ
অভিসাৰ মনৰ কামনা

ইপ্সিত কন্ঠস্বৰৰ অমোঘ ঘোষণা
নাই অনুশোচনা
কামাগ্নিৰ ধূম্ৰ-আৱেগৰ
ইন্দ্ৰজাল তৰে

ধীৰে ধীৰে বিয়পে সন্ধিয়াৰ ৰাও
বুজাব নোৱাৰি
বিষাদৰ ৰাগিণী

নাই সমিধান
সদায় ঘটি থকাৰ দৰে

এটা সাধাৰণ বতৰা

বিধ্বস্ত বিশ্বাস

অন্ধকাৰ বাটটোত
খন্তেক উজলি উঠে
অলপ পোহৰ
ৰহস্যময় জীৱনৰ
শীতল পৰশ পাওঁ

আন্ধাৰৰ আঁৰৰ
অশৃঙ্খল হাঁহিৰ হুঙ্কাৰত
অন্তৰৰ আঁহে আঁহে
কঁপনি উঠে

তল পৰি যায়
হেমন্তৰ সেমেকা সন্ধিয়া

বিকৃত চিয়ঁৰত
প্ৰতিজ্ঞাৰ অটল বিশ্বাস
মুহূৰ্ত্তৰ ভিতৰতে গুৰি কৰি
বিধ্বস্ত কৰে 
মোৰ নতুন সৃষ্টি
মোৰ প্ৰতিকৃতি

বতাহ বলিছিল

বতাহ  বলিছিল
কঁপি কঁপি আহিছিল
দূৰ দিগন্তৰ পৰা
নিজানে নিগৰিছিল
সাঁচি থোৱা আবেগৰ
এজাক ধুমুহা

অনুভৱ









ডাৱৰীয়া আকাশখনত
বতাহৰ কোবাল ঢৌৱে
ক্ৰমশঃ শব্দৰ সৈতে একাকাৰ হৈ
চৌদিশে খলকনি তুলিছে
শব্দৰ এই সমস্ত আবেশত
বতাহে কঁপাই গৈছে
চঞ্চল মনৰ
অতল তলিৰ অনুভৱবোৰত

ভাৱনাৰ গঢ়ন-ভাঙন

অনাহকতেই
বহুপৰ এনেয়ে '
তপত বালিত ৰৈ
অৱহেলিত হিয়াৰ স্বাভিমান
মনৰ পৰা বিসজ্জৰ্ন দিয়াৰ
ভাৱনাৰ গঢ়ন-ভাঙন
শূন্যতাৰ তৃষ্ণাৰে আকুল মোৰ মন
যাৰ ঢৌৱে
উদঙীয়া ডাৱৰৰ দৰে
সোঁৱৰণিৰ পদুলি মুখত
আৱৰী ধৰিলেহি
অস্থিৰ মনত
স্মৃতিৰ জোনাকীবোৰে
অন্তহীনভাৱে উৰি ফুৰি
আমনি কৰিলেহি

ব্যৰ্থ অভিমান

আকাশৰ পূব প্ৰান্তত
ইপিনে সিপিনে
টুকুৰা ডাৱৰৰ আৰে আৰে
জোনাকৰ ঢল

এটি শীতল পৰশে
মোৰ প্ৰিয়
আন্ধাৰৰ শূন্যতা
মুহূৰ্ত্তৰ ভিতৰতে গুৰি কৰি
ৰহস্যময়ভাৱে
বিধ্বস্ত কৰে আত্ম-অভিমান

অন্তৰৰ আঁহে আঁহে
বিধ্বস্ত স্তূপত
মোৰ তপত নিশ্বাসত
বৈ যায়
মোৰ অটল বিশ্বাসৰ
ব্যৰ্থ অভিমানৰ অধিকাৰ

এজাক বতাহ

বুকুৰ সেউজীয়া সপোনটোক জগাই লৈছো
বহুদিনৰ মুৰত উৰুঙা বতাহ জাকে
খিৰিকীখন কোবাইছে
আগৰ কথাবোৰ মনত পেলাই
আজি নতুনকৈ জীৱনটোৰ পাতনি মেলিছো
সেই চিনাকি অচিনাকি কুঁৱলীসনা
জোনটোয়ে মোক ৰিঙিয়াই মাতিছিল
মোৰ এনে লাগিছিল
সেইদিনা এৰি অহা কথাবোৰে
যেন মোলৈ তধা লাগি চাই আছিল
মই বুঢ়া লুইতৰ বুকুৰ পৰা উভতি আহোতে
ফুল-আলসুৱা তোমাৰ মুখৰ উৎকণ্ঠাই
মোৰ প্ৰতিটো চিন্তাত, প্ৰতিটো সন্ধিয়া
লৈ আনিছিল স্নিগ্ধ ফুলৰ সুবাস
এনে বহু যাত্ৰাত,
ই মোক তোমাৰ বুকুৰ উম দিছে
এই সকলোৰে মাজত মই আছোঁ
কালি ৰাতি মেঘৰ গাজনিত
মোৰ সিৰাত বৈছিল বাৰিষাৰ ঢল
গোটেই ৰাতি মেঘে গাজিছিল
এইযে বুকুত জুইকুৰা জ্বলালো
মই নাজানো, কিয় আজি অধীৰ মই
সোঁৱৰণি নিশ্চয় এনেকুৱাই
মন  আশাত অন্ধ
এই আৱৰণ খুলিলে হৃদয় জুৰায়
জীৱনৰ বাটে বাটে
সোঁৱৰণিৰ এই স্পৰ্শই
নিস্তেজ মনৰ অন্ধকাৰ আঁতৰাই
এজাক বতাহ আহি 
মোৰ মনৰ কোঠালিত  তোলপাৰ লগাইছিল

প্ৰাণৰ হিল্লোল

সেউজীয়া প্ৰকৃতিৰ
বননিত শুনো
প্ৰাণৰ হিল্লোল
তাৰ প্ৰতিধ্বনিত
আকাশ উপচি পৰে
বোৱাই প্ৰীতিৰ সোঁত
লুইতৰ সোঁতত
ঢৌ খেলি আগুৱাই
সন্ধিয়া আকাশৰ
পোহৰ আৰু আন্ধাৰৰ
এই আৱাহন

ৰিমজিম কুঁৱলীৰ আমেজ

মোৰ মন
উৰণীয়া ডাৱৰৰ দৰে
যেনি তেনি বগাই ফুৰে

প্ৰকৃতিৰ কোমল কোলাত
শেৱালী ফুলৰ দৰে
ৰিমজিম  কুঁৱলীৰ
ছয়াঁময়া অন্তহীন আৱৰণ
একেথিৰে শুনো মই
নিৰৱে কাণত বজা
সঙ্গীতৰ সুৰ

প্ৰকৃতিৰ শান্তিময়
উথলিত জেউতিত
উৰণীয়া পখীহেন
মন কেনি গুচি যায়

এইযে অপূৰ্ব্ব সৃজন
ৰূপ বিস্ময়েৰে ভৰা
আৱেগত বন্দী মই
উতলা হয় হৃদয়

নিজানৰ এই ৰম্যপুৰ

প্ৰকৃতিৰ সৌন্দৰ্য্য
বুকুৰ কাঁচলি উদঙাই
উটি  ফুৰে পৃথিৱীত
লুইতৰ বিশাল বুকুত
ৰূপোৱালী বালিচৰ
ঢৌত জিলিকি উঠা
জিলমিল ৰ’দালিৰ তালে তালে
বীণ বাজে জল-কুঁৱৰীৰ
নিজানৰ এই ৰম্যপুৰ
প্ৰকৃতিৰ অনন্ত ভৱন
সোঁতে সোঁতে নাচি ফুৰা
মতলীয়া নাৱৰীয়াই
ফেনে-ফোটোকাৰে ভৰা
পানীৰ চাকনৈয়াত পৰি
উলাহত কিৰিলি পাৰি
গীত গায় প্ৰাণঢালি

এই আতিথ্য

আকাশৰ সিমান্তত
সেউজীয়াৰ ভাজে ভাজে
উদুলি মুদুলি
উন্মনা
হাঁহিৰ খলকনি
এটি বাঁহিৰ সুমধুৰ সুৰ
উকি মাৰি গুচি যায়
নির্জন বালিচৰত

ঢৌবোৰৰ
অবিৰাম থেকেচনিত
শব্দবোৰৰ সন্ধিক্ষণত
স্রৃষ্টি হৈছিল
মোৰ প্রিয়
এটি কবিতা

পুৱতি নিশাৰ মনোৰম
নৈৰ নির্জন তিৰৰ
এই আতিথ্য
আৰু
জলৰাশিৰ বুকুত
পুৱ আকাশৰ ৰঙৰ বর্ণিল শোভা
পাৰাপাৰহীন অনুভুতিৰ উৎস