মায়া

প্ৰীতিৰ সোঁতত
ঘুৰি ফুৰিছে
এটি বলিয়া ভোমোৰা
চাওঁতে চাওঁতে উপচি পৰিল
স্নিগ্দ্ধ প্রেমৰ শাখা প্রশাখা
এই যে মায়া মানুহৰ
চিকমিক কৰি উৰিছে আকাশত
শূন্যতাৰ বুৰবুৰণিত
ধোঁৱা আৰু আন্ধাৰৰ
অতীত আৰু বৰ্তমানৰ
সঙ্গীতৰ ধ্বনি
দেখি থিৰ হৈ ৰওঁ