নিতৌ সন্ধিয়া বেলা
উটি ভাঁহি যোৱা
অশ্ৰুময় কৰুণ কাহিনীৰ
নাচোনৰ ছেৱে ছেৱে
একেটি মাথো সুৰ
ভাষা নাই বুজাবৰ
আন্ধাৰৰ তিৰবিৰণিত
ইয়াৰ পৰা যেন দেখি
অসহ জীৱনৰ উটি ভাঁহি যোৱা
হিয়াৰ ডাৱৰ
পাহাৰ ভৈয়াম বগাই
বৈ যায় আগুৱাই
অন্তহীন তাৰ গতি