বিচাৰি চোৱা য’ত বৈ গৈছে
অবিৰাম গতিত পোহৰৰ ঢৌ
ধুমুহাৰ উদ্মাদ আলোড়ন আৰু
শূন্যতাৰে ভৰা আন্ধাৰবোৰত
বিচাৰি চোৱা
বিশাল প্ৰান্তজোৰা ৰ’দ বৰষুণ আৰু বতাহে
সৃষ্টি কৰা আলোড়নবোৰত
সৃষ্টি কৰা আলোড়নবোৰত
নল-খাগৰিৰ ভগা-ছিগা হাবিয়নিৰ মাজত
বিচাৰি পাবা তুমি বিচৰা
প্ৰকৃতিৰ স্বচ্ছতাৰ সুৰ