ধীৰে ধীৰে নাৱৰীয়াবোৰ
লুইতৰ পাৰে পাৰে দিহা-দিহি গ’ল
কলঙৰ সিপাৰে
পছিমাকাশত ডুব গ’ল ৰঙা বেলি
নিশাৰ নিৰ্লিপ্ততা বিজড়িত শ্বাস ধ্বনিয়ে
আমনি কৰিলেহি মোক উন্মনা কৰি
পুৰনি বছৰৰ
অনুশোচনা এটাই সুঁহুৰি মাৰিলে
এটা নতুন বাটৰ সূচনা হ’ব
অন্তৰ আকাশত তাৰেই প্ৰতিধ্বনি
কি বিচাৰো মই
হয়তো এটি হাঁহিৰ বিজুলী