মোৰ মন
উৰণীয়া ডাৱৰৰ দৰে
যেনি তেনি বগাই ফুৰে
প্ৰকৃতিৰ কোমল কোলাত
শেৱালী ফুলৰ দৰে
ৰিমজিম কুঁৱলীৰ
ছয়াঁময়া অন্তহীন আৱৰণ
একেথিৰে শুনো মই
নিৰৱে কাণত বজা
সঙ্গীতৰ সুৰ
প্ৰকৃতিৰ শান্তিময়
উথলিত জেউতিত
উৰণীয়া পখীহেন
মন
কেনি গুচি যায়
এইযে অপূৰ্ব্ব সৃজন
ৰূপ বিস্ময়েৰে ভৰা
আৱেগত বন্দী মই
উতলা হয় হৃদয়