এমুঠি ধানৰ আশীৰ্বাদ

ক্ৰুৰ স্পৰ্শৰ আঘাতত
মই কান্দো
ই অবাধে আহে আৰু যায়

বাধা নাই
পাৰ ভাঙি আহে দু:সহ সন্ধিয়াত
স্বীকৃতি লাগে

এইবাৰ মাঘৰ মেজিৰ জুইকুৰা
বৰকৈ জ্বলিব
বুঢ়া লুইতৰ বালিত

অধীৰ আজি মই
তধা লাগি চাই থাকিম
বহুদিনৰ মুৰত

উৰুঙা বতাহ জাকে
জীৱনটোৰ কথাবোৰত
কঁপনি তুলিছিল

সোঁৱৰণি পদুলি
চিৰিলা চিৰিলি কৰি
বুকুত আহে প্ৰশ্নৰ জোৱাৰ

মোৰ তেজত বয়
স্বপ্নৰ যন্ত্ৰণা
এই সংশয়ৰ ৰণত

উজাগৰি ৰাতি
সপোন দেখিছোঁ মই
জীৱন প্ৰাচুৰ্যৰ

হৃদয়ৰ আৱৰণ খুলি
ভোগালিৰ জুইকুৰা জ্বলে
মনৰ স্তৰে স্তৰে

এই জুইৰ পোহৰত
মোৰ সিৰাই সিৰাই বব
এমুঠি ধানৰ আশীৰ্বাদ