যুগৰ অভিযাত্ৰী

তেতিয়া যদিও নাছিল
ৰূপৰ চমক
আছিল তেতিয়া
মেঘ মক্ত নীলাকাশ
বৈছিল বতাহ
বুকুৰ সেউজীয়া সপোন
সূৰ্য্যস্নাত  বিশাল পথাৰত
যুগৰ অভিযাত্ৰী
সপোনত বিভোৰ
কোমল বুকুত
বাজিছিল উৎসৱৰ বীণা
সমাৰোহ, আয়োজন
প্ৰীতি-ভোজন
আমোদৰ উন্মত্ততা