বাসনাৰ লক্ষ ঢৌ

কেতিয়াবা  জীৱন সমুদ্ৰত বুৰ গৈ
ঢৌৰ কোবত কক্ বক্ কৰি
শেষ হব খোজা আশা বোৰ
উপচি পৰে
অন্তৰ আকাশ  ভৰি
উন্মনা মনৰ
কৰুণ বিননিত
শুনো তাৰ প্ৰতিধ্বনি
কি বিচাৰে হৃদয়ে
বাসনাৰ লক্ষ ঢৌত
অনুভৱো কৰো
উদং বতাহৰ কোলাহল