যাত্ৰী জীৱন নাটৰ

জীৱন নাটৰ যাত্ৰী
চকুত জিলিকি উঠে
আশা ভৰা দৃষ্টি
সেয়ে মোৰ
নাই ক্লান্তি
আগবাঢ়ি যাওঁ
প্ৰভাতী সূৰ্য বিচাৰি
একো দ্বিধা নাই
শূন্য দুহাতত আছে
অলপ সেউজী দূৱৰি
ভয়, বেদনাত আছে শিহৰণ
আছে অলপ হাঁহি