তুমি কবিতা

মই কবি
শব্দৰ সপোন  সাজোঁ
প্ৰাণত হিল্লোল চকুত সপোনৰ মায়া
হৃদয়ত ৰঙৰ উছৱ
কিয় বাৰু সাজোঁ বাৰিষাৰ ডাৱৰত মিলনৰ কাৰেঙ
হিয়াৰ আকাশত অনুভৱ বসন্তৰ কোমল ইঙ্গিত
বাসনাৰ লক্ষ  ঢৌ দূৰ দিগন্ত বিয়পি আছে
এটুপি চকুলো আৰু হাঁহিৰ বিজুলী
মইযে কবিতা ৰচো গানৰ ভাষাৰে
দূবৰিত আকাশ কিয় বিচাৰো
সৰি পৰা শেৱালিৰ কোমল সুবাসত অন্তৰ উপচি পৰে
তাৰ প্ৰতিধ্বনিত বতাহৰ দৰে মন উলাহত নাচে