এটি উষ্ণ আৱেগ

আৰতিৰ শেষত
সন্ধ্যাৰ সিপাৰে
গহীন নিশাৰ আন্ধাৰ

কাঁহ পৰি জীন যোৱা
কোলাহল নাইকিয়া
অন্তহীন এই পথাৰত
উৰণীয়া ডাৱৰৰ দৰে
আকুল মোৰ মন

মনৰ পৰিধি ভাঙি
বালিৰ ধুমুহা উৰে
উষ্ণ আৱেগৰ
ৰোমাঞ্চিত মনত

অনুভৱ হয়
জীৱন ছন্দৰ

ভাহি যায় ৰাতিৰ অন্ধকাৰত
স্বপ্নৰ অৰণ্যত
এটি উজ্জ্বল সোণালী বিস্ময়