বাৰিষাৰ ৰাতি কেঁচা টোপনিৰ ভিৰৰ মাজত মনত পৰে
ধুমুহাৰ এটি দুঃস্বপ্ন
ভাঙি-ছিঙি আহিছিল ৰাতিৰ বতাহত বৰষুণ
নতুন আশ্ৰয় লাগে
জানিছিলো জানো ভাগৰ লাগিছে মোৰ
মাথোঁ চঁক খাওঁ
এইদৰে বুৰ গ’ল সময়
শেষ হয় অনভিজ্ঞ জীৱন
তপত বালিত পৰি সোণ বিচাৰোঁতে
ইতিহাস জুৰি পৰি ৰ’লো
লাওখোলা আৰু জঁকাৰ শুকান হাড়ৰ দৰে