হেঁপাহৰ বালিডৰা

মোৰ হৃদয়ত
উপচি পৰে আকুলতা
সৰি পৰে চকু পানী
সম্বল মাথোঁ
লুইতৰ  চিকমিক
হেঁপাহৰ বালিডৰা

নিজান সুৰত
বইছে লুইত
কঁপি উঠা বননিৰ
খহি পৰা  প্ৰতিবিম্ব
জ্বলি উঠে তাত

বুঢ়া লুইতৰ ৰূপালী বালিৰ
ৰাঙলী বেলিৰ মৃদু হিল্লোলত
উপচি পৰে আকুলতা
মোৰ হৃদয়