এজাক বতাহ

বুকুৰ সেউজীয়া সপোনটোক জগাই লৈছো
বহুদিনৰ মুৰত উৰুঙা বতাহ জাকে
খিৰিকীখন কোবাইছে
আগৰ কথাবোৰ মনত পেলাই
আজি নতুনকৈ জীৱনটোৰ পাতনি মেলিছো
সেই চিনাকি অচিনাকি কুঁৱলীসনা
জোনটোয়ে মোক ৰিঙিয়াই মাতিছিল
মোৰ এনে লাগিছিল
সেইদিনা এৰি অহা কথাবোৰে
যেন মোলৈ তধা লাগি চাই আছিল
মই বুঢ়া লুইতৰ বুকুৰ পৰা উভতি আহোতে
ফুল-আলসুৱা তোমাৰ মুখৰ উৎকণ্ঠাই
মোৰ প্ৰতিটো চিন্তাত, প্ৰতিটো সন্ধিয়া
লৈ আনিছিল স্নিগ্ধ ফুলৰ সুবাস
এনে বহু যাত্ৰাত,
ই মোক তোমাৰ বুকুৰ উম দিছে
এই সকলোৰে মাজত মই আছোঁ
কালি ৰাতি মেঘৰ গাজনিত
মোৰ সিৰাত বৈছিল বাৰিষাৰ ঢল
গোটেই ৰাতি মেঘে গাজিছিল
এইযে বুকুত জুইকুৰা জ্বলালো
মই নাজানো, কিয় আজি অধীৰ মই
সোঁৱৰণি নিশ্চয় এনেকুৱাই
মন  আশাত অন্ধ
এই আৱৰণ খুলিলে হৃদয় জুৰায়
জীৱনৰ বাটে বাটে
সোঁৱৰণিৰ এই স্পৰ্শই
নিস্তেজ মনৰ অন্ধকাৰ আঁতৰাই
এজাক বতাহ আহি 
মোৰ মনৰ কোঠালিত  তোলপাৰ লগাইছিল