জীৱনৰ সোনোৱালী ছবি

জীয়াই থাকোতে
ৰ’দ লৈছো
যি পালো সেয়েতো ভাল
শেষ নোহোৱা পথাৰবোৰত
অনুচ্চাৰিত শব্দৰ ধ্বনি
সঙ্গীতৰ প্ৰতিটো লহৰত
বাজি উঠে সুৰ
ভাষা নাই বুজাবৰ

দূৰত গতিময়
সূৰ্য্যাস্তৰ তিৰবিৰণি

বননিৰ প্ৰাণৰ হিল্লোলে
মোক কৰেহি উন্মনা

অন্তৰ ভৰি
উপচি পৰে তাৰেই প্ৰতিধ্বনি

এয়েই নেকি
জীৱনৰ সোনোৱালী ছবি