বুৰ যাও গধূলিৰ প্ৰাণোচ্ছল আৱেদনত
শুনো অসীমত বাজিছে নিঃশব্দ গান
বৈ থকা বতাহে গুনগুনাই আৱৰি লয়
পশ্চিমত ব্যাপি থকা হেঙুলীয়াৰ ৰং
অনুভূতিৰ প্ৰকাশে দুৱাৰডলিত ৰৈ
খেপিয়াই ফুৰে সাঁচি থোৱা স্মূতিবোৰ
নতুনকৈ জাগি উঠা নিঃশব্দ প্ৰতিশ্ৰুতিত
সূৰুযেও টঙালী বান্ধে সাগৰলৈ গতি কৰি
নীলিম আভাই সীমাৰ পৰিধি নামানি
দিগন্তত খেলা কৰে নিৰ্জনতাৰ আৰলৈ
সন্ধিয়াৰ আৰে আৰে প্ৰতিধ্বনিত সুৰবোৰে
দৰদী মূৰ্চ্ছনা সিঁচে উন্মুক্ত বতাহত
ধল হৈ বাগৰে অস্থিৰতাৰ কঁপনি
বুকুভেদি যায় তাৰেই প্রতিধ্বনি
সন্ধিয়াৰ আনমনা সুৰটি শুনি
অবাটে পিছলি মনে বিছাৰে ভাষা
গধূলিৰ মলয়াই ৰিহাৰ আচলত ঢৌ তুলিতে
আকাশী গংগা বিচাৰি বুকুত জোৱাৰ উঠে
কপালৰ ফৌঁটটি ঢাকি উৰি ফুৰা চুলিটাৰি
ঘনে ঘনে কঁপে সংগীতৰ তালে তালে
শেৱালি সৰিলে নিয়ৰত মন তিতে
বুকুৱে খুজিলেও ওঠত মাত নুফুটে
আকাশত বিজুলিয়ে বাণ মাৰিলে
উজ্বলি উঠি জীৱন ছন্দত পোহৰ ঢালে
শেৱালীৰ বুকু নিয়ৰত তিতিলে
আৰতিৰ লগতে উৰুলি বাজে
দুপাৰৰ দুটি ঘাটে সীমাৰ পৰিধি নামানি
আকাশৰ ৰং সানি বৈ যায় দুয়োপাৰে
মৌন ক্ষণবোৰৰ মিঠা আৱেশত
আৱেগে বুকুত নতুন কোলাহল কৰে
বোৱতী বানত ওফন্দি উঠা তৃষা দেখি
লুইতেও খোজ লয় অভিনৱ সোঁতেৰে
জোনাকেও ওৰণি লয় ডাৱৰৰ আৰ লৈ
মলয়া বতাহো এখুজি দুখুজিকৈ থমকি ৰয়
চৌদিশে ভাহি থকা অনুভূতিৰ প্ৰকাশে
প্ৰাণোচ্ছল আৱেদনত উলাহতে ঢৌ উঠে