নৈৰ কোৱাল সোঁতে খহায় কোমল পাৰ
অপেক্ষাৰ ক্ষণ গণি মন হেৰাই
জানো আকৌ ভাগিব সংসাৰ
নিশা জোনাকীয়ে কথা পাতে
ভৰা নৈৰ পাৰে পাৰে
আলফুলকৈ ফুলা কঁহুৱাই কান্দে
খহনীয়াত হেঁপাহ ঢুকাই
নিষ্ঠুৰ বানে নিয়ে যেতিয়া সকলো উটাই
শুনো নিতে জীৱনৰে গান
ৰঙীন সপোনবোৰ জানো কতে হেৰাই
মন কঁপে সপোন ভাঙিলে
নীৰবে ভাবি থাকোঁ
হেঁপাহেৰে ক'ত তৰো পাল
নেলাগে নিবিচাৰোঁ আৰু
নীলা আকাশত জীৱন
মিলি যাব খুজে প্ৰাণ বতাহত
বৈ যাওক থমকি ধুমুহা এজাক
ভাঙি থৈ মোৰে সপোন