বুকুৰ নিজানত ফাগুনৰ ৰঙ












অনুভৱৰ এক জোনাকী কিৰণে
আজিও ফুলি উঠি বোৱাই লৈ যায়
বুকুৰ নিজানত ফাগুনৰ ৰঙ

অনুভৱৰ লহৰত টোপা টোপে সৰে
হেৰাই যোৱা ফাগুনৰ গান
হিয়াত বোলাই ৰাঙলী আভা

দুচকুৰ নিদ্ৰাহীনতাৰ ভাগৰ
মাৰ যায় নিৰৱে 
মন উৰে কমোৱা তুলাহৈ

জীৱনৰ বাটত হেৰুৱা ঠিকনাই
গোপনে মোহনা বিছাৰে
ঢৌৰ চাকনৈয়াত

অন্তৰত জুমি চাই দেখো
দোমোজাত খেলিমেলি হৈ পৰা
বাট হেৰুৱা সোঁৱৰণীৰ পোহৰ

এনে লাগে মন আকাশত
এতিয়াও হেজাৰ তৰাই  ৰিঙিয়াই
উৰুখা চালৰ সুৰুঙাৰে

হৃদয়ৰ গভীৰতাত শুনো
ৰূপোৱালী জোনাকত তিৰবিৰাই থকা
জিৰ জিৰ নিজৰাৰ তান