বুৰঞ্জীৰ নিলিখা পৃষ্ঠা








ধমনিৰ শিহৰণ তেজত বিয়পে
বাঁহিটি বজালে ফাগুন আহে
লুইতৰ শুকান চাপৰিত
কহুঁৱা লৰে বতাহত জুম পাতি

অশান্ত মনত চঞ্চল কোলাহল
সূৰুযে আহি ভাঙে টোপনি

পুৱাতেই মন কিয় উচাতন
ক্ষণ বাগৰে উশাহ গণি গণি

নিশাৰ পিছত আৰম্ভনি
বুৰঞ্জীৰ নিলিখা পৃষ্ঠাৰ
                                                    
প্ৰতি দিন  প্ৰতি মাহ
মোৰ বাবে একোটা 
অপেক্ষাৰ হুমুনিয়াহ

বতাহৰ সোঁতত 
লহৰিত হৈ উৰে
বুৰঞ্জীৰ উকা পাত

আকৌ ভৰিব
নিলিখা পৃষ্ঠাবোৰ
চকুপানীৰ ছিয়াঁহীৰে

উজাগৰী নিশাবোৰত
লহৰিত হৈ একাকাৰ হব
অপেক্ষাৰ খৰমৰণি

উকা পাতত 
নাটৰ শেষ ৰাগিনীত
শব্দই নাচিৱ

আকৌ সজীৱ হ’ব
অপৰিতৃপ্ততাৰ আলিংগণ
নাটৰ আৱহ সংগীতত