উজুটি খাই সোঁৱৰণিয়ে


শেৱালি সৰা পূৱাতে
তোমাৰ মিচিকিয়া হাঁহিটি দেখিলে
স্মৃতিৰ ঢৌবোৰ ভাহি আহে মনলে 

কিনো মায়াত পৰি উন্মনা আৱেগে
ঢাপলি মেলে পাহাৰে-ভৈয়ামে 
তোমাৰ হাঁহিটি চাবলে

গছৰে আৰলৈ হৃদয়ে
কান পাতি পাতি ৰখে 
তুমি অহা দিশতে

উজুটি খাই সোঁৱৰণিয়ে 
পিছলৈ বাৰে বাৰে ওভতে
কিয় সপোনে গুনগুনাই মাতে

তোমাৰ ৰিহাৰে আচল যেতিয়া বতাহত উৰে
কুৱলীয়ে ৰঙতে
টোপা টোপে নিয়ৰ হৈ সৰে 

তেজত ৰৈ যোৱা হাবিয়াসবোৰে
অনুভৱৰ সিপাৰে
নিৰৱে চকুলো নিগৰে

মোৰ অবুজন মনে
নোপোৱাৰ বেদনাতে
গলি গলি লুইত হৈ বুকুতে বাগৰে

শীতল বুকুত হেঁপাহবোৰে
ভিজা ৰাতিৰ ছন্দে ছন্দে  
নিসংগ আবেগক সাৱতে 

তোমাৰ কথা মনত পৰিলে
আবেগৰ স্মৃতিবোৰে
মাঁথো যাতনাহে দিয়ে